ISHAN NEWS – Always One Step Ahead of Time…

প্ৰচণ্ড গৰমে দহিছে পাকিস্তান; বিগত ৬ দিনত ৫৬৮ গৰাকীৰ মৃত্যু!

0 209

কেৱল ভাৰততে নহয়, চুবুৰীয়া দেশ পাকিস্তানতো গৰমে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। পৰিস্থিতি এনেকুৱা যে অত্যন্ত গৰমৰ বাবে দেশখনৰ বহু লোকে প্ৰাণ হেৰুৱাইছে।

পাকিস্তানৰ কৰাচী চহৰৰ এম্বুলেন্স চালকসকলে জনোৱা অনুসৰি বিগত ৬ দিনত তেওঁলোকে প্ৰায় ৫৬৮টা মৃতদেহ শ্মশানলৈ কঢ়িয়াই আনিছে। কেৱল মঙলবাৰৰ দিনটোতেই ১৪১টা মৃতদেহ কঢ়িয়াইছে।

অৱশ্যে গৰমৰ বাবেই সকলোৰে মৃত্যু হৈছে বুলি নিশ্চিতভাৱে ক’ব নোৱাৰি। কিন্তু, পাকিস্তানত বৃদ্ধি পোৱা উষ্ণতাৰ বাবে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱা বুলি বিভিন্নজনে দাবী কৰে।

জানিব পৰা অনুসৰি, কৰাচীৰ উষ্ণতা ৪০ ডিগ্ৰী চেলছিয়াছৰ ওপৰলৈ বৃদ্ধি পোৱাৰ লগে লগে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে।

জৰুৰীকালীন বিভাগৰ মুৰব্বী ডাঃ ইমৰাণ সৰৱাৰ শ্বেইখে কয় যে অসামৰিক চিকিৎসালয় কৰাচীত দেওবাৰৰ পৰা বুধবাৰৰ ভিতৰত হিট ষ্ট্ৰ’কৰ বাবে ২৬৭ জন লোকক ভৰ্তি কৰোৱা হৈছে। ইয়াৰে ১২ জন লোকৰ মৃত্যু হৈছে।

ডাঃ শ্বেখে লগতে কয় যে চিকিৎসালয়লৈ অহা বেছিভাগ লোকেই ৬০ বা ৭০ উৰ্ধ্বৰ আছিল। অৱশ্যে কিছুমান লোকৰ বয়স প্ৰায় ৪৫ বছৰ আৰু কিছু ২০ বছৰীয়াও আছিল। চিকিৎসালয়ত ভৰ্তি হোৱা অধিকাংশ লোকৰ জ্বৰ, ডায়েৰিয়াৰ দৰে লক্ষণ দেখা যায়।

Leave A Reply

Your email address will not be published.