ISHAN NEWS – Always One Step Ahead of Time…

বিশ্বকাপ বিজয়ী দলে কিমান পৰিমাণৰ লাভ কৰিব ধন? জানক সবিশেষ

0 30,527

আজি অৰ্থাৎ ২৯ জুনত বাৰ্বাডোছত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ ২০২৪ৰ চূড়ান্ত খেলখন। ফাইনেল মেচখনৰ পূৰ্বে অনুৰাগীৰ মনত এই প্ৰশ্ন উত্থাপন হৈছে যে এই প্ৰতিযোগিতাখনৰ পুৰস্কাৰৰ ধন কিমান। বা চেম্পিয়ন বা ৰানাৰ্ছ আপ দলে কিমান টকা লাভ কৰিব লগতে ছেমি ফাইনেলত প্ৰৱেশ কৰা দল দুটাই কিমান টকা পাব?

উল্লেখ্য যে আইচিচিয়ে এইবাৰৰ টি-২০ বিশ্বকাপৰ বাবে অভিলেখ তথা সৰ্বাধিক ধনৰাশি আগবঢ়াব।

আইচিচিয়ে টি-২০ বিশ্বকাপ ২০২৪ৰ মুঠ পুৰস্কাৰৰ ধন ১১.২৫ মিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ ৯৩.৫১ কোটি টকা নিৰ্ধাৰণ কৰিছে। এই টি-২০ বিশ্বকাপত জয়ী হোৱা দলটোৱে লাভ কৰিব প্ৰচুৰ পৰিমানৰ ধন।

ইয়াৰ পূৰ্বে টি-২০ বিশ্বকাপ জয় কৰা দলে ইমান টকা লাভ কৰা নাই। ২০২৪ চনৰ টি-২০ বিশ্বকাপত জয়ী হোৱা দলটোক ২৪.৫ মিলিয়ন মাৰ্কিন ডলাৰ (২০.৩৬ কোটি টকা) পুৰস্কাৰ ধন দিয়া হ’ব বুলি আইচিচিয়ে ঘোষণা কৰিছে। আনহাতে ৰানাৰ্ছ আপে লাভ কৰিব ১২.৮ মিলিয়ন মাৰ্কিন ডলাৰ (১০.৬৪ কোটি টকা)।

ধনৰাশিৰ পৰিমান-

দল       ধনৰাশি
বিজয়ী ২০.৩৬ কোটি টকা
ৰানাৰ্ছ আপ ১০.৬৪ কোটি টকা
ছেমিফাইনেলিষ্ট৬.৫৪ কোটি টকা

                                             

ছুপাৰ-৮ত উপনীত হোৱা দলসমূহে ৩.১৭ কোটি টকা। নৱম স্থানৰ পৰা দ্বাদশ স্থানত থকা দলসমূহে ২.০৫ কোটি টকা আৰু ১৩ৰ পৰা ২০ নম্বৰ স্থানত থকা দলসমূহে ১.৮৭ কোটি টকা লাভ কৰিব।

Leave A Reply

Your email address will not be published.