নলবাৰীৰ বগুৰীহাটীত ৬০ লাখ টকাৰ উন্নয়ণমূলক কামৰ আধাৰশিলা স্থাপন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷
নৱগঠিত টিহু সমষ্টিৰ বগুৰিহাটীত বৃহস্পতিবাৰে ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দুটাকৈ উন্নয়নমুলক কামৰ আধাৰশিলা স্থাপন কৰে ৷
২৩-২৪ বৰ্ষৰ আনটাইট ফাণ্ডৰ ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান হবলগীয়া বাগুৰীহাটী শ্ৰী শ্ৰী বাৰোৱাৰী বাসন্তী মন্দিৰৰ অতিথিশালা গৃহৰ লগতে ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান হবলগীয়া মহা ভৈৰৱ মন্দিৰৰ ওচৰত সভাগৃহৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে ৷
১৯৪৮ চনতে আৰম্ভ কৰা বাসন্তী পূজাখনে যোৱা বছৰ মহৰজত জয়ন্তী পালন কৰে ৷