বিয়া পতাই অপৰাধ! বিয়া পাতি সমাজৰ পৰা এঘৰীয়া এটি পৰিয়াল
মানুহৰ বাবে সমাজ নে সমাজৰ বাবে মানুহ। একবিংশ শতিকাত বৰ্ণ বৈষম্যৰ বলি এটি পৰিয়াল। যি সময়ত মানুহে চন্দ্ৰত মাটি কিনাৰ কথা চিন্তা চৰ্চা কৰিছে তেনে সময়ত কৈবৰ্ত সম্প্ৰদায়ৰ ছোৱালী বিয়া পতাৰ বাবে সমাজৰ পৰা এঘৰীয়া হবলগীয়া হল মাজুলীৰ এটা পৰিয়াল।
সত্ৰপীঠ মাজুলীৰ গায়ন গাৱঁৰ তুনিৰাম বৰাৰ পৰিয়ালটোৰ সৈতে এই ঘটনা। তুনিৰাম বৰাৰ পুত্ৰ প্ৰসেন বৰাই আজিৰ পৰা ডেৰ বছৰ পূৰ্বে বিয়া পাতিছিল নগাঁৱৰ ৰহাৰ এগৰাকী কৈৱৰ্ত্ত সম্পদায়ৰ যুৱতীক।বিয়া পাতি পত্নীৰ সৈতে ঘৰ পৰা দূৰৈত আছিল প্ৰসেন বৰা। প্ৰসেন বৰাৰ পিতৃ তুনিৰাম বৰাই পুত্ৰই কৈৱৰ্ত সম্প্ৰদায়ৰ ছোৱালী বিয়া পতাৰ কথা অৱগত কৰিছিল ৰাইজক।
পুত্ৰ বোৱাৰী মাজুলীৰ নিজ ঘৰলৈ আহিব বিচৰাত তুনিৰাম বৰাৰ পু্নৰ কাষ চাপে ৰাইজৰ। গাৱঁৰ ৰাইজে অঞ্চলৰ বাৰ ৰাইজ গোতোৱাৰ পৰামৰ্শ প্ৰদান কৰে। ৰাইজৰ সিদ্ধান্ত মৰ্মে তুনিৰাম বৰাই বাৰ ৰাইজ গোতাইছিল যদিও মাত্ৰ ৫ জন ব্যক্তিহে গোট খায়। ৰাইজৰ সিদ্ধান্ত ৰাজহুৱা নকৰাকৈ এঘৰীয়া কৰিলে পৰিয়ালটোক।