ISHAN NEWS – Always One Step Ahead of Time…

‘Stree 2’য়ে ধৰাশয় কৰিলে শ্বাহৰুখৰ ‘পাথান’ৰ অপেনিং ৰেকৰ্ড।

0 307

স্বাধীনতা দিৱসৰ বিশেষ উপলক্ষে মুক্তি পোৱা শ্ৰদ্ধা কাপুৰ আৰু ৰাজকুমাৰ ৰাওৰ ‘Stree 2’, অক্ষয় কুমাৰৰ ‘Khel Khel Mein’ আৰু জন আব্ৰাহামৰ ‘Vedaa’ৰ মাজত বক্স অফিচত যুঁজ। বক্স অফিচ সংগ্ৰহ ৩য় দিনত ২০০কোটি টকাৰো অধিক উপাৰ্জনেৰে ‘Stree 2’য়ে অভিলেখ ভংগ কৰে।

স্বাধীনতা দিৱসৰ দিনাই ছবিগৃহত মুকলি হোৱা ‘Stree 2’এ মুক্তিৰ প্ৰথম দিনাই ৭৬.৫০ কোটি টকা উপাৰ্জন কৰে। ছবিগৃহত প্ৰকাশ পোৱা প্ৰথমটো দিন আছিল অৰ্থাৎ ৰাষ্ট্ৰীয় বন্ধৰ দিন আছিল সেয়েহে উপাৰ্জন অধিক হয়। দ্বিতীয় দিনটো ১৬ আগষ্ট অৰ্থাৎ কৰ্মদিন হোৱাৰ বাবে উপাৰ্জনৰ ক্ষেত্ৰত সামান্য হ্রাস পাই যদিও আন চিনেমাৰ তুলনাত উপার্জন অতি উত্তম আছিল য’ত ৪৫ কোটিতকৈও অধিক টকা সংগ্ৰহ কৰিছিল। ইয়াৰ লগে লগে মাত্র দুদিনতে ‘Stree 2’য়ে ১০০ কোটি টকাৰ সীমা অতিক্ৰম কৰে আৰু এতিয়ালৈ ২০০ কোটি টকাৰ গ্ৰছ ইণ্ডিয়া সংগ্ৰহ কৰি অভিলেখ গঢ়িবলৈ সক্ষম হয়, যাৰ ফলত ২০২৪ চনৰ সৰ্ববৃহৎ ছবি হিচাপে পৰিগণিত হয়।

২০১৮ চনত মুক্তি পোৱা প্রথম খণ্ড ‘Stree’টোৱেও বিপুল লাভ কৰিছিল যদিও এতিয়া ২০২৪ চনত মুক্তি পোৱা ‘Stree 2’ই পূৰ্বতকৈ অধিক অভিলেখ গঢ়ে। যি গতিৰে উপাৰ্জন কৰিছে সেই উপাৰ্জনে শ্বাহৰুখৰ ‘পাথান’ৰ অভিলেখ ভংগ কৰে আৰু ছবিখনত ৰাজকুমাৰ ৰাও আৰু শ্রদ্ধা কাপুৰৰ উপৰিও পংকজ ত্রিপাঠী, অপৰশক্তি খুৰানা আৰু অভিষেক বেনাৰ্জীক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছে।

‘Stree 2’ৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ অহা ‘Vedaa’ আৰু ‘Khel Khel Mein’ছবিখনৰ উপাৰ্জন ‘Stree 2’ৰ তুলনাত বহুত কম।

ভাৰতত ‘Vedaa’ই ৩ দিনত ৭.৯ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আনহাতে বিশ্বজুৰি এই পৰিসংখ্যা ১০ কোটিৰ দিশে আগবাঢ়িছে। ‘Vedaa’ পৰিচালনা কৰিছে নিখিল আদৱানীয়ে, য’ত শাৰৱৰীক জন আব্ৰাহামৰ সৈতে গুৰুত্বপূৰ্ণ ভূমিকাত দেখা গৈছে। ছবিখনৰ বাজেট ৬০ কোটি টকা বুলি জানিব পৰা গৈছে। ইয়াৰ বাবেই ‘Vedaa’ই সংগ্ৰহৰ ক্ষেত্ৰত ‘Khel Khel Mein’ক অতিক্ৰম কৰিছে।

‘Khel Khel Mein’ ছবিখনত অক্ষয় কুমাৰ, বাণী কাপুৰ, তাপসী পান্নু, ফৰদিন খান, এমি বীৰক, প্ৰজ্ঞা জয়ছোৱাল আৰু আদিত্য ছিলক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছে, যাক পৰিচালনা কৰিছে মুদাসৰ আজিজে। নিৰ্মাণৰ বাজেট আছিল ১০০কোটি টকা।

‘Stree 2’ক ১২৫০ টাতকৈও অধিক স্থানত প্ৰদৰ্শিত কৰা হৈছে আৰু ৭৫ খনতকৈও অধিক দেশত মুক্তি পায় । জানিব পৰা মতে ‘Stree 2’ৰ বাজেট আছিল ৫০ কোটি টকা।

Leave A Reply

Your email address will not be published.