ISHAN NEWS – Always One Step Ahead of Time…

বানৰ পিছত আকৌ অথন্তৰ কৃষকৰ।

0 271

বানৰ পিছত এইবাৰ শুৰ পোকৰ তাণ্ডৱ। ৰাজ্যৰ ভিন্ন প্ৰান্তত শ শ হেক্টৰ ধাননি পথাত শুৰ পোকে নিঃশেষ কৰিছে সেউজীয়া ধাননি।

https://fb.watch/un-dzN_qdK

ভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাত বানৰ সংহাৰৰ পাছত এতিয়া কৃষকৰ পথাৰত লাগিছে হাহাকাৰ। শুৰ পোকৰ উপদ্ৰৱত নষ্ট হৈছে চৰাইদেউৰ শ শ বিঘা ধাননি পথাৰ। ৰাতিটোৰ ভিতৰতে শুৰ পোকে খাই তহিলং কৰিছে পথাৰ। দুটাকৈ বানৰ সংহাৰৰ পাছত এতিয়া শুৰ পোকে নষ্ট কৰিছে ইডৰাৰ পাছত সিডৰা মাটি।

খেতি পথাৰত স্প্ৰেৰ দ্বাৰ কীট নাশক ঔষধ মৰাৰ ব্যৱস্থা কৰিছে যদিও কোনো ফল দেখিবলৈ পোবা নাই।

চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত টিমন, ডবাখটীয়া, খামনগাওঁ, পহুচূঙীপথাৰকে ধৰি বহু অঞ্চলৰ পথাৰত শুৰ পোকে অথন্তৰ লগাইছে কৃষকক। শুৰ পোকৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ কৃষক ৰাইজে পথাৰত কীটনাশক ছটিয়াইছে যদিও কোনো সুফল লাভ কৰা নাই এতিয়াও।  ইফালে কৃষি বিভাগেও এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ নকৰাত ৰাইজে পথাৰত চাকি-বন্তি জ্বলাই এই সমস্যাৰ উপশম পোৱাৰ প্ৰাৰ্থনা জনোৱা বুলি সদৰী কৰিছে সংবাদ মাধ্যমৰ আগত।

Leave A Reply

Your email address will not be published.