কোন তাৰকাই কিমান কৰ পৰিশোধ কৰিলে?
২০২৪ চনত কোন তাৰকাই কিমান কৰ পৰিশোধ কৰিলে ! এই সন্দৰ্ভত ফৰ্চুন ইণ্ডিয়াই তথ্য প্ৰকাশ কৰিলে কেতবোৰ তথ্য। কোটি কোটি জনতাৰ মন জয় কৰা দেশৰ বহুল সমাদৃত তাৰকাসকলেও কোটি টকা উপাৰ্জনৰ ক্ষেত্ৰত আগবাঢ়ি থকাই নহয় বৰঞ্চ দেশৰ ৰাজকোষলৈও আগবঢ়াঙইছে কৰ হিচাপে ধন। কেৱল তাৰকাই নহয় এইবাৰ কৰ পৰিশোধৰ তালিকাত খেল জগতৰ লগতে কমেডিৰ ক্ষেত্ৰখনেও বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে।
শেহতীয়া প্ৰতিবেদন অনুসৰি তাৰকা হিচাপে বলীউডৰ কিং খান অৰ্থাত শ্বাহৰুখ খানে সৰ্বাধিক কৰ পৰিশোধ কৰিছে। চেন্নাই এক্সপ্ৰেছৰ অভিনেতাগৰাকীয়ে অমিতাভ বচ্চন, থালাপথী বিজয়কে ধৰি কেইবাগৰাকীও বলীউডৰ চেলিব্ৰিটিক পাছ পেলাইছে। অভিনেতাগৰাকীয়ে ৯২ কোটি টকাৰ কৰ আদায় দিয়ে।
যোৱা বছৰ অৰ্থাত ২০২৩ চনত মুক্তি পোৱা শ্বাহৰুখৰ ছবি ‘পাথান’ আৰু ‘জোৱান’য়ে বৃহত পৰিমাণৰ ধন উপাৰ্জন কৰিছিল, যাৰ বাবে বাদশ্বাহৰ আয় বৃদ্ধি হৈছিল।
কৰ পৰিশোধৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে দক্ষিণৰ ছুপাৰষ্টাৰ থালাপথী বিজয়। অভিনেতাগৰাকীয়ে ৮০ কোটি টকা কৰ আদায় দিছে।
২০২৩ চনত মুক্তি পোৱা বিজয়ৰ ছবি ‘লিও’ৰ উপাৰ্জনে অভিলেখ সৃষ্টি কৰিছিল । তৃতীয় স্থানত আছে বলীউড অভিনেতা ছলমান খান, অভিনেতাগৰাকীয়ে ৭৫ কোটি টকা কৰ আদায় দিছে। আনহাতে চতুৰ্থ স্থানত আছে অমিতাভ বচ্চন । অমিতাভ বচ্চনে ৭১ কোটি টকা কৰ আদায় দিছে।
ক্ৰীড়াৰ ক্ষেত্ৰত বিৰাট কোহলীয়ে সৰ্বাধিক কৰ পৰিশোধ কৰিছে। খেলুৱৈগৰাকীয়ে এম এছ ধোনী আৰু শচীন তেণ্ডুলকাৰক পাছ পেলাইছে। কমেডী ৰজা কপিল শৰ্মাইও শীৰ্ষ দহটা স্থানৰ ভিতৰতে কৰ পৰিশোধ কৰিছে।
কৰ আদায়ৰ তালিকা-
শ্বাহৰুখ খান – ৯২ কোটি টকা |
থালাপথী বিজয় – ৮০ কোটি টকা |
ছলমান খান – ৭৫ কোটি টকা |
অমিতাভ বচ্চন – ৭১ কোটি টকা |
বিৰাট কোহলী – ৬৬ কোটি টকা |
অজয় দেৱগন – ৪২ কোটি টকা |
এম এছ ধোনী – ৩৮ কোটি টকা |
ৰণবীৰ কাপুৰ – ৩৬ কোটি টকা |
শচীন তেণ্ডুলকাৰ- ২৮ কোটি টকা |
ঋতিক ৰোশন – ২৮ কোটি টকা |
কপিল শৰ্মা – ২৬ কোটি টকা |
সৌৰভ গাংগুলী – ২৩ কোটি টকা |
কৰীনা কাপুৰ – ২০ কোটি টকা |
শ্বাহিদ কাপুৰ – ১৪ কোটি টকা |
মোহনলাল – ১৪ কোটি টকা |
আল্লু অৰ্জুন – ১৪ কোটি টকা |
হাৰ্দিক পাণ্ডিয়া – ১৩ কোটি টকা |
কিয়াৰা আদৱানী – ১২ কোটি টকা |
কেটৰিনা কাইফ – ১১ কোটি টকা |
পংকজ ত্ৰিপাঠী – ১১ কোটি টকা |
আমিৰ খান – ১০ কোটি টকা |
ঋষভ পন্ত – ১০ কোটি টকা |