ISHAN NEWS – Always One Step Ahead of Time…

শিশুৰ অশ্লীল ভিডিঅ’ চোৱাটো অপৰাধ হয় নে নহয়? কি ক’লে সৰ্বোচ্চ ন্যায়ালয়ে?

0 603

অশ্লীল কন্টেন্ট চোৱা বা ডাউনলোড কৰা কোনো অপৰাধ নহয়? যেতিয়ালৈ চাওতাই সেই ভিডিঅ’ সম্প্ৰচাৰিত নকৰে তেতিয়ালৈ POCSO আইন বা IT আইনৰ অধীনত কোনো অপৰাধ বুলি গণ্য কৰা নহ’ব?

মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক লৈ কি ক’লে সৰ্বোচ্চ ন্যায়ালয়ে?

শিশুৰ সৈতে জড়িত কোনো অশ্লীল কন্টেন্ট চোৱা বা ডাউনলোড কৰা দুয়োটায়ে ডাঙৰ অপৰাধ ।

সাৱধান! শিশুৰ সৈতে জড়িত কোনো অশ্লীল কন্টেন্ট চালেই বা ডাউনলোড কৰিলে পৰিব বিপদত।

সৰ্বোচ্চ ন্যায়ালয়ে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই কঠোৰ পৰামৰ্শ দিলে কেন্দ্ৰীয় চৰকাৰ আৰু মাদ্ৰাজ উচ্চ ন্যায়ালয়ক।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়,  ন্যায়াধীশ জে বি পাৰ্দি ভালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে উচ্চতম ন্যায়ালয়ত এই গোচৰ শুনানি গ্ৰহণ কৰে । POCSO আইনত শিশু পৰ্ণগ্ৰাফীৰ বিপৰিতে ‘শিশু যৌন শোষণ আৰু শোষণমূলক সামগ্ৰী’(CSEAM)ৰ দৰে শব্দ ব্যৱহাৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰকো এই বিশেষ পৰামৰ্শ আগবঢ়ায়।

মাদ্ৰাজ উচ্চ ন্যায়ালয়ত ২৮ বছৰীয়া এজন যুৱকৰ বিৰুদ্ধে শিশু পৰ্ণ চোৱা আৰু ডাউনলোড কৰাৰ অভিযোগত ২০২৪ৰ জানুৱাৰী মাহত অপৰাধমূলক গোচৰ হিচাপে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এন আনন্দ ভেংকটেশে ওচৰত দাখিল কৰা হৈছিল আবেদন। কিন্তু সেই যুৱকৰ বিৰুদ্ধে কোনোধৰণৰ ইতিবাচক সিদ্ধান্ত গ্ৰহণ নকৰি যুৱকজনৰ পক্ষত ৰায় দিছিল।  

মাদ্ৰাজ উচ্চ ন্যায়ালয়ে কৈছিল- যেতিয়ালৈ অশ্লীল কন্টেন্ট চোৱা বা ডাউনলোড কৰা কোনো অপৰাধ নহয়, যেতিয়ালৈ চাওতাই সেই ভিডিঅ’ সম্প্ৰচাৰিত নকৰে তেতিয়ালৈ POCSO আইন বা IT আইনৰ অধীনত ইয়াক  কোনোধৰণৰ অপৰাধ বুলি গণ্য কৰা নহ’ব।

মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এনে সিদ্ধান্তক বাতিল কৰি সৰ্বোচ্চ ন্যায়ালয়ে এনে কাণ্ডক অপৰাধৰ শাৰীত ৰাখি কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ আগবঢ়ায়।

Leave A Reply

Your email address will not be published.