ISHAN NEWS – Always One Step Ahead of Time…

চালকৰ কাষত কোনো যাত্ৰীক বহুৱাই নিব নোৱাৰিব, নিয়ম ভংগ কৰিলেই লগে লগে ভৰিব লাগিব ৫০০ টকাৰ জৰিমণা।

0 595

এইবাৰৰ পৰা ই-ৰিক্সাৰ সোঁ ফাল সম্পূৰ্ণ থাকিব বন্ধ। চালকৰ কাষত কোনো যাত্ৰীক বহুৱাই নিব নোৱাৰিব আৰু ইচ্ছা কৰিলে য’তে ত’তে ৰখাব নোৱাৰিব ই-ৰিক্সাখন।

ই-ৰিক্সাৰ চালকৰ বাবে কঠোৰ নিৰ্দেশনা । যাত্ৰীয়েও মানিব লাগিব কেতবোৰ নিৰ্দেশনা । নিয়ম ভংগ কৰিলেই ভৰিব লাগিব জৰিমণা । চালকৰ কাষত কোনো যাত্ৰীক বহুৱাই নিব নোৱাৰিব। ইচ্ছা কৰিলে যতে ত’তে ৰখাব নোৱাৰিব ই-ৰিক্সাখন। চালকসহ ৫ যাত্ৰীহে উঠিব পাৰিব ই-ৰিক্সাত। নিৰ্ধাৰিত পথতহে চলাব পাৰিব ই-ৰিক্সা । নিয়ম ভংগ কৰিলেই লগে লগে ভৰিব লাগিব ৫০০ টকাৰ জৰিমণা।

চালক নিচাযুক্ত অৱস্থাত ধৰা পৰিলেই পৰিব বিপদত ।  নগাঁও পৌৰসভাই জাৰি কৰিছে এই কঠোৰ নিৰ্দেশনা। ভাড়াত ক্ষেত্ৰতো কেইবাটাও নিৰ্দেশনা জাৰি । প্ৰতি কিলোমিটাৰত ১০ টকাহে ল’ব পাৰিব যাত্ৰীৰ পৰা । ১ কিলোমিটাৰৰ পিছত হে প্ৰতি কিলোমিটাৰত ৫ টকাকৈ বঢ়াব পাৰিব । যাত্ৰী উঠাওতে ১ মিনিটতকৈ বেছি সময় ল’ব নোৱাৰিব । তিনিআলি, চাৰিআলিৰ পৰা ১০ মিটাৰ ব্যৱধানতহে উঠাব পাৰিব যাত্ৰী। ই-ৰিক্সাখনৰ সোঁফালটো গ্ৰীলেৰে বন্ধ কৰিব লাগিব। নগাঁও পৌৰসভাৰ অনুমোদিত ই-ৰিক্সাহে চলাব পাৰিব পথত ।

১৪/১০/২০২৪ তাৰিখৰ পৰা নগাওঁ পৌৰ এলেকাত পৌৰসভাৰ পৰা নগৰ সেৱাৰ বাবে অনুমোদিত ই-ৰিক্সাসমূহৰ বাহিৰে আন কোনো ই-ৰিক্সা চলাচল কৰিবলৈ দিয়া নহ’ব। নগৰ সেৱাৰ বাবে অনুমোদিত ই-ৰিক্সাসমূহে তলত উল্লেখ কৰা চৰ্ত সমুহ মানি চলিব লাগিব। এই চর্তসমূহ ভংগ কৰিলে ই-ৰিক্সাখনৰ অনুমোদন নাকচ কৰা হ’ব।

১) নগাওঁ পৌৰসভা এলেকাত পৌৰসভাৰ পৰা অনুমোদিত ই-ৰিক্সাৰ বাহিৰে অন্য কোনো ই-ৰিক্সা চলাচল কৰিব নোৱাৰিব।
২) প্ৰতিখন ই-ৰিক্সাৰ সোঁহাতে গ্ৰীলেৰে বন্ধ কৰা থাকিব লাগিব লগতে ব্রেক, হর্ণ, লুকিং গ্লাছ কার্যক্ষম হৈ থাকিব লাগিব।
৩) পৌৰসভাই নিৰ্দ্ধাৰণ কৰি দিয়া পথতহে ই-ৰিক্সা চলাচল কৰিব পাৰিব।
৪) ই-ৰিক্সা সমুহত আগফাল ও পিচফালে হালধীয়া ৰিফ্লেক্তৰ টেপ লগোৱাটো বাঞ্চনীয়।
৫)ই-ৰিক্সা চালকে কোনো ধৰণৰ নিচাযুক্ত দ্রব্য সেৱন কৰি ই-ৰিক্সা চলাব নোৱাৰিব। অন্যথা অনুমোদন নাকচ কৰা হ’ব।
৬) চালকৰ বাহিৰে চালকৰ আসনত অন্য যাত্রী বহুৱাব নোৱাৰিব।
৭) চালকৰ অনুজ্ঞাপত্ৰ সকলো সময়তে লগত ৰাখিব লাগিব। অন্যথা ৫০০ টকা জৰিমণা ভৰিব লাগিব।
৮) পৌৰসভাৰ অনুমোদনৰ সময়ত পৌৰসভাৰ চহৰীয়া চিকিৎসকৰ জৰিয়তে স্বাস্থ্য পৰীক্ষাৰ প্ৰমাণ পত্র দাখিল কৰিব লাগিব।
৯) ভাড়া নিৰিখমতে ল’ব লাগিব। প্রথম কিলোমিটাৰ ১০ টকা আৰু তাৰ পিছত প্ৰতি কিলোমিটাৰৰ বাবদ ৫ টকা আদায় ল’ব পাৰিব।
১০) তিনিআলি, চাৰিআলিসমূহৰ ১০ মিটাৰৰ ভিতৰত ই-ৰিক্সাই যাত্রী উঠোৱা নমোৱা কৰিব নোৱাৰিব।
১১) যাত্রী উঠোৱা নমোৱা কৰিবলৈ ১ মিনিটতকৈ বেছি সময় ৰ’ব নোৱাৰিব।
১২) সর্ব্বোচ্চ যাত্রী-চালক সহ ৫ জনতকৈ অধিক হ’ব নোৱাৰিব।
১৩) ই-ৰিক্সাৰ বাবে চহৰত কোনো নির্দিষ্ট পার্কিং স্থান নাথাকে।
১৪) অনুমোদিত ই-ৰিক্সাৰগৰাকীৰ ঘৰত অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL) দ্বাৰা E.V.C.S. সংয়োগ থাকিব লাগিব।
১৫) ই-ৰিক্সাৰ অনুমোদনৰ প্ৰ-পত্ৰ অহা ইং-১৬/০৯/২০২৪ ৰ পৰা ৩০/০৯/২০২৪ লৈ পৌৰসভাৰ কাৰ্য্যালয়ত দিয়া হয়।

Leave A Reply

Your email address will not be published.