ISHAN NEWS – Always One Step Ahead of Time…

শ্বেয়াৰ মাৰ্কেটৰ উত্থান-পতন!

0 94

মাহটোৰ শেষত অৰ্থাৎ 30/09/2024ত পুৱাৰে পৰা দ্ৰুতগতিত নিম্নগামীৰ দিশে গতি কৰিছে ষ্টক মাৰ্কেটে। সোমবাৰৰ দিনটোত বিনিয়োগকাৰীৰ প্ৰায় 5 লাখ কোটি টকাৰ লোকচান হয় । SENSEX 1272.07(1.49%) পইণ্ট হ্ৰাস পোৱাৰ বিপৰীতে NIFTY-50 368.10(1.41%) পইণ্টলৈ হ্ৰাস পাইছে। সৰ্বাধিক হ্ৰাস দেখা গৈছে বেংকিং আৰু আই টি খণ্ডত।

সোমবাৰৰ দিনটোত NIFTY-50, 26052 বজাৰ মূল্যত খোল খায় যদিও 26127ৰ ওপৰত অতিক্ৰম কৰিব নোৱাৰে আৰু বজাৰ বন্ধ হোৱা সময়লৈ 368 পইণ্টতকৈ অধিক হ্ৰাস পায় । আজিৰ দিনটোত NIFTY-50ৰ বজাৰ মূল্য 25794 নিম্নগামী হয় যদিও 25810 মূল্যত বজাৰ বন্ধ হয়।

সাধাৰণ কথাত ক’বলৈ গ’লে NIFTY-50ৰ 400 টকাত কিনা মূল্য 126টকালৈ হ্ৰাস হৈগৈ।

NIFTY-50ৰ এটা LOTত 25টা Quantity থাকে । ইচ্ছাঅনুসৰি LOT Size বঢ়াবও পাৰিব।

উদাহৰণস্বৰূপে 400×25= 10,000 (ইয়াৰে 400 হৈছে বজাৰ মূল্য আৰু 25 হৈছে এটা LOTৰ 25 টা Quantity)

126×25 = 3,150 (ইয়াৰে 126 হৈছে বজাৰ মূল্য আৰু 25 হৈছে এটা LOTৰ 25 টা Quantity)

এতিয়া বজাৰৰ মূল্য যিহেতু 400ৰ পৰা 126লৈ পতন ঘটিছে অৰ্থাত 10000 মূল্যৰ পৰা 3150 টকাৰ হ্ৰাস পাইছে।

গতিকে এতিয়া = 6,850 টকা হ’ব বজাৰৰ পতনৰ মূল্য

সমান্তৰালকৈ SENSEXৰ 85004 বজাৰ মূল্যত খোল খাইছিল যদিও 85359ৰ ওপৰত অতিক্ৰম কৰিব নোৱাৰে আৰু দিনটোৰ ভিতৰত 1200 পইণ্টতকৈ অধিক হ্ৰাস পায় । আজিৰ দিনটোত SENSEX 84257 বজাৰ মূল্যলৈ হ্ৰাস পায় যদিও 84,299.76ত বজাৰ বন্ধ হয়।

সৰ্বাধিক হ্ৰাস দেখা গৈছে বেংকিং আৰু আই টি খণ্ডত। একে সময়তে মুকেশ আম্বানীৰ কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ব্যাপক অৱনতি ঘটে যি 99.20 পইন্টলৈ হ্ৰাস পায় অৰ্থাত 3043 বজাৰ মূল্য 2949লৈ পতন ঘটে আৰু 2953.15ত বজাৰ বন্ধ হয়।

এই পতনৰ ফলত লাখ লাখ কোটি টকা বিনিয়োগকাৰীৰ ক্ষতি হ’ল।

সোমবাৰৰ দিনটোত ষ্টক মাৰ্কেটত আটাইতকৈ বেছি হ্ৰাস পোৱা দেখা গৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, আইচিআইচিআই বেংক, এইচডিএফচি বেংক আৰু এক্সিছ বেংকৰ শ্বেয়াৰত। ভাৰতী এয়াৰটেল, এম এণ্ড এম, এছ বি আই, টি চি এছ, ইনফ’ছিছ আৰু টাটা মটৰছৰো অৱনতি ঘটিছে। নিফটি বেংক, অটো, ফাইনেন্স চাৰ্ভিচেছ, আই টি, মিডিয়া, ৰিয়েলটি, হেল্থকেয়াৰ আৰু অইল এণ্ড গেছ 1.6% হ্ৰাস পাইছে।

Leave A Reply

Your email address will not be published.