ভয়ংকৰ নাও দুৰ্ঘটনা। প্ৰাণ গ’ল ৭৮জনকৈ লোকৰ, সন্ধানহীন ৬৪গৰাকীকৈ লোক।
মাজসাগৰত ভয়ংকৰ নাও দুৰ্ঘটনা। আফ্ৰিকাৰ কিভো হ্ৰদত এই শোকাৱহ দুৰ্ঘটনা। ৭৮ গৰাকী যাত্ৰীৰ মৃত্যুৰ খবৰ। ৬৪ গৰাকী বৰ্তমানো সন্ধানহীন।
ঘণ্টাৰ পিছত ঘণ্টা ধৰি চলোৱা উদ্ধাৰ অভিযানত বৰ্তমানলৈ ৪০ জনকহে উদ্ধাৰ কৰিব পৰা গৈছে । জাহাজখনত ২৭৮ গৰাকী যাত্ৰী থকাৰ কথা অনুমান কৰা হৈছে।
জাহাজখন দক্ষিণ কিভো প্ৰদেশৰ মিনোভা বন্দৰৰ পৰা উত্তৰ কিভো প্ৰদেশৰ গোমালৈ গৈ আছিল।
জানিবপৰা মতে, হ্ৰদটোৰ অঞ্চলত প্ৰচণ্ড ধুমুহা চলিছিল তদুপৰি অতিমাত্ৰা ভিৰ আৰু গাফিলতিৰ বাবে এনে হোৱাৰ কথা সদৰি। নাওখনত কোনো লাইফ জেকেট নাছিল, পৰ্যাপ্ত সঁজুলিৰ অভাৱত দুৰ্ঘটনাৰ সময়ত নাওখন বাগৰি পৰাৰ ফলত কোনো এগৰাকী যাত্ৰীয়েই নিজকে বচাবলৈ সময় নাপালে ।
জানিবপৰা মতে, বন্দৰৰ পৰা প্ৰায় ৭০০ মিটাৰ দূৰত্বত নাওখন বাগৰি পৰিছিল। ইয়াৰোপৰি এতিয়াও মৃতদেহ উদ্ধাৰ হোৱা নাই, যাৰ বাবে কমেও তিনিদিনৰ সময় লাগিব বুলি উদ্ধাৰকাৰী দলে জানিবলৈ দিয়ে । ঘটনাক লৈ সমগ্ৰ আফ্ৰিকাত শোকাকুল পৰিৱেশ । ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় প্ৰশাসন আৰু আৰক্ষী বাহিনী।