ISHAN NEWS – Always One Step Ahead of Time…

Kolkata Rape and Murder Case : কলকাতাৰ ৪৮ গৰাকীতকৈও অধিক জ্যেষ্ঠ চিকিৎসকৰ পদত্যাগ

0 35

নিউজ ডেস্ক, ৮ অক্টোবৰঃ মঙলবাৰে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ ৪৮ গৰাকীতকৈও অধিক জ্যেষ্ঠ চিকিৎসক আৰু অধ্যাপকে কৰিলে পদত্যাগ ৷ শনিবাৰৰ পৰা চিকিৎসা মহাবিদ্যালয়খনত অব্যাহত থকা কনিষ্ঠ চিকিৎসকৰ অনশনৰ প্ৰতি সমৰ্থন জনাই গ্ৰহণ কৰিলে এই গণপদত্যাগ কাৰ্যসূচী ৷ ইয়াৰ পিচতে হুৱা-দুৱা লাগিল চিকিৎসাখণ্ডত ৷ ফলত পশ্চিমবংগ চৰকাৰৰ মুখ্য সচিবে স্বাস্থ্য সচিবৰ জৰুৰী বৈঠক আয়োজনৰ খবৰো লাভ কৰা গৈছে ৷

আৰ জি কৰ হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ডাঃ দেৱব্ৰত দাসে সংবাদ মাধ্যমৰ সন্মুখত কয়, ‘‘বিগত দুমাহ ধৰি কনিষ্ঠ চিকিৎসকসকলে অনশন কৰি আছে ৷ তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে ৷ তেওঁলোক আমাৰ ল’ৰা-ছোৱালীৰ দৰেই ৷ সেয়ে আমি গণপদত্যাগ কৰিছোঁ ৷’’

উল্লেখ্য যে শনিবাৰৰ পৰা আৰ জি কৰ হাস্পতালৰ এগৰাকী কনিষ্ঠ চিকিৎসকসহ আন চিকিৎসা মহাবিদ্যালয়ৰো মুঠ সাতগৰাকী কনিষ্ঠ চিকিৎসকে অনিৰ্দিষ্টকালীন অনশন কৰি কৰি আছে ৷ প্ৰতিবাদকাৰীসকলে অভিযোগ কৰিছে যে পশ্চিমবংগৰ চৰকাৰী চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়ৰ নিৰাপত্তাৰ লগতে আন্তঃগাঁথনি শক্তিশালী কৰাৰ দাবী পূৰণ কৰা নাই ৰাজ্য চৰকাৰে ৷

ইফালে সোমবাৰে পশ্চিমবংগ চৰকাৰে ঘোষণা কৰে যে ১ নৱেম্বৰৰ পৰা চৰকাৰী চিকিৎসালয়সমূহত কেন্দ্ৰীয় ৰেফাৰেল ব্যৱস্থা, কেন্দ্ৰীয়ভাৱে নিৰীক্ষণ কৰিব পৰাকৈ ৰীয়েল টাইম বেডৰ উপৰিও পেনিক কল বুটাম এলাৰ্মৰ ব্যৱস্থা কৰা হ’ব ৷

কলকাতাৰ কনিষ্ঠ চিকিৎসকসকলে চৰকাৰৰ সন্মুখত ডাঙি ধৰা দহটা দাবী হ’ল- ভুক্তভোগীৰ ন্যায়, ৰাজ্যৰ স্বাস্থ্য সচিবক অপসাৰণ, কেন্দ্ৰীভুত ৰেফাৰেল ব্যৱস্থা কৰা, সকলো চিকিৎসালয়তে ডিজিটেল বেড খালী অৱস্থাৰ নিৰীক্ষক,কনিষ্ঠ চিকিৎসকৰ নিৰ্বাচিত প্ৰতিনিধি থকা প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত টাস্ক ফ’ৰ্চ, আৰক্ষী নিয়োগ চিকিৎসালয়ত, চিকিৎসালয়ত খালী পদ পূৰণ কৰা, ছাত্ৰ পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰা, ভাবুকিৰ অভিযোগৰ তদন্তৰ বাবে কলেজ পৰ্যায়ৰ তদন্ত সমিতি গঠন আৰু ৰাজ্যিক চিকিৎসা পৰিষদত সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগৰ তদন্ত কৰা ৷

উল্লেখ্য যে যোৱা ৯ আগষ্টত আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী কনিষ্ঠ চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ অভিযোগ উত্থাপিত হৈছিল ৷ যি ঘটনাই এতিয়াও জোকাৰি আছে সমগ্ৰ দেশ ৷ তাৰ পিচতে পশ্চিমবংগৰ কনিষ্ঠ চিকিৎসকলো প্ৰতিবাদমুখৰ হৈ পৰে ৷

অধিক বা-বাতৰিৰ বাবে সংযুক্ত হৈ থাকক ঈশান নিউজৰ সৈতে

Leave A Reply

Your email address will not be published.