ISHAN NEWS – Always One Step Ahead of Time…

Bigg Boss 18 : বিগ বছত গাধক উলিয়াই পেটাৰ ৰোষত ভাইজান

0 272

নিউজ ডেস্ক, ৯ অক্টোবৰঃ গধৰাজৰ বাবেই পেটাৰ ৰঙা চকুৰ সন্মুখীন হ’বলগীয়া হৈছে ছলমান খান । জনপ্ৰিয় ৰিয়েলিটী শ্ব’ বিগ বছত গধৰাজ নামৰ এটা গাধকো প্ৰতিযোগীৰ আসন দি পিপল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অব্ এনিমেলছৰ পত্ৰ লাভ কৰিবলগীয়া হ’ল ভাইজানে (Salman Khan)।

উল্লেখ্য যে দেওবাৰে বিগ বছ- ১৮ ৰ গ্ৰেণ্ড প্ৰিমিয়াৰত আছিল ১৮ গৰাকী নতুন প্ৰতিযোগী । সেইসকলৰ ভিতৰত আছিল টেলিভিশ্যনৰ অভিনেতা, ৰাজনীতিবিদৰ লগতে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ । সেইসকললৈকে সকলো সাধাৰণ আছিল । কিন্তু ১৯ নম্বৰৰ প্ৰতিযোগীগৰাকীয়েহে সকলোৰে বিশেষ দৃষ্টি আকৰ্ষণ কৰিলে । কাৰণ সেই প্ৰতিযোগী আছিল গধৰাজ নামৰ এটা গাধ । ইয়াৰ পিচতে সৰ্বত্ৰে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ল । চকু পৰিল পশু কল্যাণ সংস্থা পেটাৰো ।

ছলমান খানলৈ পেটাৰ চিঠিঃ

দেওবাৰৰ বিশেষ শ্ব’টোৰ পিচত বুধবাৰে পিপল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অব্ এনিমেলছে ছলমান খানলৈ এখন পত্ৰ প্ৰেৰণ কৰে (PETA letter to Salman Khan)। পেটা ইণ্ডিয়াৰ এডভোকেচী সহযোগী শৌৰ্য্য আগৰৱালাই বিগ বছ-১৮ৰ আয়োজক ছলমান খানলৈ পত্ৰখন প্ৰেৰণ কৰি গাধক ব্যৱহাৰৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰে ।


পত্ৰখনত কোৱা হৈছে, “বিগ বছত গাধক ৰখাৰ বাবে গভীৰভাৱে দুখ প্ৰকাশ কৰিছে জনসাধাৰণে । তেওঁলোকৰ অভিযোগে আমাক প্ৰভাৱিত কৰিছে । তেওঁলোকৰ এই অভিযোগ অমূলক নহয় । এই অভিযোগ আওকাণ কৰিব নোৱাৰি ।”


শ্ব’টোত জন্তুক অন্তৰ্ভুক্ত কৰা কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দিছে পেটা ইণ্ডিয়াই (PETA India)। তদুপৰি গাধটোক আন গাধৰ সৈতে এৰি দিবলৈ আহ্বান জনাইছে পেটা ইণ্ডিয়াই । পত্ৰখনত উল্লেখ কৰা হৈছে যে
শ্ব’ৰ ছেটত জীৱ-জন্তুৰ ব্যৱহাৰ কৰাটো হাস্যৰসৰ বিষয় নহয় । মনোৰঞ্জনৰ বাবে জীৱ-জন্তুক ব্যৱহাৰ নকৰিবলৈ ছলমান খানক আহ্বান জনাইছে পেটা ইণ্ডিয়াই (People for the Ethical Treatment of Animals)।

অধিক বা-বাতৰিৰ বাবে সংযুক্ত হৈ থাকক ঈশান নিউজৰ সৈতে

Leave A Reply

Your email address will not be published.