ISHAN NEWS – Always One Step Ahead of Time…

AR Rahman: আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এ আৰ ৰহমানৰ কি ভূমিকা ?

0 150

নিউজ ডেস্ক, ১২ অক্টোবৰঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কমলা হাৰিছলৈ সমৰ্থন আগবঢ়াইছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংগীতজ্ঞ এ আৰ ৰহমানে । ভাৰতীয় মূলৰ প্ৰতিদ্বন্দ্বী কমলা হাৰিছৰ সমৰ্থনত ৩০ মিনিটৰ ভিডিঅ’ প্ৰস্তুত কৰিছে সংগীতশিল্পীগৰাকীয়ে । ফলত এ আৰ ৰহমান হৈ পৰিল আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰতি নিৰ্বাচনৰ ভাৰতীয়-আফ্ৰিকান মূলৰ প্ৰতিদ্বন্দ্বীলৈ সমৰ্থন আগবঢ়োৱা প্ৰথমগৰাকী আন্তঃৰাষ্ট্ৰীয় শিল্পী ।

উল্লেখ্য যে ৫ নৱেম্বৰত অনুষ্ঠিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন । আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে প্ৰথমগৰাকী কৃষ্ণাংগ মহিলাৰ উপৰি সামগ্ৰিকভাৱে প্ৰথমগৰাকী মহিলা হোৱাৰ লক্ষ্য স্থিৰ কৰিছে কমলা হাৰিছে । এই আশাত উদগনি যোগাই এ আৰ ৰহমানে প্ৰচাৰৰ স্বাৰ্থত প্ৰস্তুত কৰিছে ভিডিঅ’টো ।

৫৭ বছৰীয়া ভাৰতীয় সংগীত কিংবদন্তিগৰাকীৰ এই সমৰ্থনে এছিয়ান আমেৰিকান আৰু পেচিফিক দ্বীপপুঞ্জৰ ভোটাৰসকলক আকৰ্ষিত কৰিব বুলি আশা কৰা হৈছে । এ আৰ ৰহমানৰ একক অভিনয়ৰ বিশেষ ভিডিঅ’টো এ এ পি আই ভিক্টোৰী ফাণ্ডৰ ইউটিউব চেনেল আৰু এ ভি এছ আৰু টিভি এছিয়াকে ধৰি দক্ষিণ এছিয়াৰ প্ৰধান নেটৱৰ্কসমূহত উপলব্ধ হ’ব।

অধিক বা-বাতৰিৰ বাবে সংযুক্ত হৈ থাকক ঈশান নিউজৰ সৈতে

Leave A Reply

Your email address will not be published.