ISHAN NEWS – Always One Step Ahead of Time…

আবু ছাইদলৈ মনত পৰেনে? আজি তেওঁৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ পাইছে

0 262

নিউজ ডেস্ক, ২০ অক্টোবৰঃ বাংলাদেশৰ বৈষম্যবিৰোধী ছাত্ৰ আন্দোলনৰ প্ৰথম ছহিদ আছিল আবু ছাইদ । সেই আবু ছাইদ(Abu Sayed) স্নাতক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ।


বেগম ৰকেয়া বিশ্ববিদ্যালয়(Begum Rokeya University)ৰ ইংৰাজী বিভাগৰ ছাত্ৰ আবু ছাইদে ৩.৩০ চি জি পি এৰে সংযুক্ত মেধা তালিকাৰ ১৪ নম্বৰ স্থান লাভ কৰিছে । এই ফলাফল প্ৰকাশ পাইছে দেওবাৰে । বিশ্ববিদ্যালয়খনৰ জনসংযোগ, তথ্য আৰু প্ৰকাশন বিভাগৰ অতিৰিক্ত সঞ্চালক মহম্মদ আলীয়ে প্ৰকাশ কৰিছে এই তথ্য ।


উল্লেখ্য যে বেগম ৰকেয়া বিশ্ববিদ্যালয়ৰ ২০১৯-২০ শিক্ষাবৰ্ষত ইংৰাজী বিভাগৰ স্নাতক চূড়ান্ত পৰীক্ষাত ৬৯ গৰাকীয়ে ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছিল । ইয়াৰ ভিতৰত আবু ছাইদে মেধা তালিকাত ১৪ নম্বৰ স্থান দখল কৰিছে ।


বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য শৌকত আলীয়ে কয়, “কোটা নহয়, মেধাৰ ভিত্তিত চৰকাৰী চাকৰিৰ আন্দোলনৰ প্ৰতিফলন ঘটিল আবু ছাইদৰ ফলাফলত । কিন্তু দুখেৰে ক’বলগীয়া হৈছে যে এই খবৰ লাভ কৰিবলৈ তেওঁ আমাৰ মাজত নাই । কেৱল বেগম ৰকেয়া বিশ্ববিদ্যালয়েই নহয়, সমগ্ৰ বিশ্বই আবু ছাইদৰ অৱদান স্মৰণ কৰিব । আমি তেওঁৰ ওচৰত ঋণী ।”

অধিক বা-বাতৰিৰ বাবে সংযুক্ত হৈ থাকক ঈশান নিউজৰ সৈতে

Leave A Reply

Your email address will not be published.