ISHAN NEWS – Always One Step Ahead of Time…

ৰাস পালেহিয়েই, ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ব্যাপক প্ৰস্তুতি

0 274

নিউজ ডেস্ক, ১২ নৱেম্বৰঃ শৰতৰ শেৱালি সন্ধ্যাৰ মাজতে আহিল ৰাস মহো९সৱ ৷ উজনি-নামনিৰ প্ৰতিখন ৰাস মহো९সৱত এতিয়া উখল-মাখল পৰিৱেশ ৷ শ্ৰীকৃষ্ণৰ লীলাত মুগ্ধ হ’বলৈ সাজু সমূহ ৰাজ্যবাসী ৷ ৰাজ্যৰ প্ৰতিখন ৰাসস্থলীতে এতিয়া পূৰ্ণগতিত চলিছে প্ৰস্তুতি ৷ প্ৰচলিত পৰম্পৰা আৰু আধ্যাত্মিকতাৰ আঁতধৰি সত্ৰসমূহত দিনে-নিশাই নৃত্যৰ আখৰাত ব্যস্ত হৈ পৰিছে কলা-কুশলীসকল ৷

প্ৰত্যেক বৰ্ষৰ দৰে এইবাৰো দ্বিতীয় বৃন্দাবনত পৰিণত হৈছে মাজুলীৰ ৰাস মহো९সৱ ৷ খোল-তাল আৰু বাঁহীৰ সুৰত মুখৰিত হৈছে মাজুলীৰ চৌপাশ ৷ আন সত্ৰসমূহৰ দৰে এইবাৰ মাজুলীৰ ৬৪ খন মঞ্চত অনুষ্ঠিত কৰা হ’ব শ্ৰীকৃষ্ণৰ ৰাসলীলা ৷ এই ৰাসলীলাৰ বাবে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰায় ১০ হাজাৰ অভিনেতা-অভিনেত্ৰী আৰু কলা-কুশলী ব্যস্ত হৈ পৰিছে ৰাসলীলাৰ আখৰাত ৷

সমান্তৰালকৈ অন্তহীন ব্যস্ততাৰে প্ৰস্ততি চলাইছে মৃ९ শিল্পীসকলেও ৷ দিনে-নিশাই মুখা তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে মুখা অভিনয়ৰে পৰিচিত ঐত্যিহাসিক চামগুৰি সত্ৰৰ মুখা শিল্পীসকল ৷ কিয়নো মুখা অভিনয়ৰে যেন আধৰুৱা চামগুৰি সত্ৰৰ ৰাস মহো९সৱ ৷ যিহেতু ৰাস মহো९সৱলৈ মাজত মাথোঁ কেইটামান দিন বাকী, সেইবাবে ব্যস্ত হোৱা পৰিলক্ষিত হৈছে ৰাসলীলা কলা-কুশলী আৰু মৃ९ শিল্পীসকলক ৷ এবছৰ পিছত আতি উলহ-মালহেৰে পালন কৰিবলৈ সাজু হৈ উঠিছে ৰাজ্যবাসী ৷

Leave A Reply

Your email address will not be published.