ISHAN NEWS – Always One Step Ahead of Time…

বেছি ধুনীয়া হ’বলৈ গৈ মৃত্যুক সাৱটিলে এইগৰাকী যুৱতীয়ে

0 410

নিউজ ডেস্ক, ১২ নৱেম্বৰঃ নিজকে বেছি ধুনীয়া কৰিবলৈ উঠি-পৰি লাগিছিল যুৱতীগৰাকী । তাৰ বাবে বুজন পৰিমাণৰ ঋণো লৈছিল যুৱতীগৰাকীয়ে । ইমানেই নিজৰ চেহেৰাটো সলনি কৰিবলৈ চেষ্টা কৰিছিল যে এদিনতে কৰিছিল ৬টা অস্ত্ৰোপচাৰ । কিন্তু তাৰ পিছতে নিজকে জীয়াই ৰাখিবও নোৱাৰিলে যুৱতীগৰাকীয়ে ।


এই ঘটনা চীনৰ । চীনৰ গুৱাংছি প্ৰদেশৰ গুইগাঙৰ এখন ভিতৰুৱা গাঁৱৰ লিউ নামৰ যুৱতীগৰাকীয়ে এদিনতে ছটাকৈ প্ৰসাধন অস্ত্ৰোপচাৰ কৰি কৰুণ মৃত্যুক সাৱটি ল’লে । যুৱতীগৰাকীৰ মৃত্যুৰ পিছত পিছত পৰিয়ালৰ লোকে গোচৰ তৰিলে অস্ত্ৰোপচাৰ কৰা ক্লিনিকখনৰ বিৰুদ্ধে । পৰিয়ালে অভিযোগ উত্থাপন কৰে যে ক্লিনিকখনৰ গাফিলতিৰ বাবেই যুৱতীগৰাকীৰ মৃত্যু হয় । যাৰ বাবে পৰিয়ালে ক্ষতিপূৰণ দাবী কৰে । কিন্তু আদালতে প্ৰথমতে লিউৰ পৰিয়ালে বিচৰা ধনৰ আধাহে প্ৰদানৰ বাবেহে ৰায়দান কৰে ।


সাপ্তাহিক বাতৰি কাকত চাউথ চাইনা মৰ্নিং পোষ্টৰ মতে, লিউ নামৰ যুৱতীগৰাকীয়ে প্ৰসাধন প্ৰক্ৰিয়াৰ বাবে ৪০ হাজাৰ ইউয়ান (৫,৬০০ মাৰ্কিন ডলাৰ) ঋণ লৈছিল । প্ৰথমে তেওঁ কৰিছিল চকুৰ পতা আৰু নাকৰ অস্ত্ৰোপচাৰ । সেই অস্ত্ৰোপচাৰ চলিছিল পাঁচ ঘণ্টা ধৰি । তাৰ পিছত তেওঁ উৰুৰ অস্ত্ৰোপচাৰ কৰে । তাৰ পিছত কৰে মুখ আৰু স্তনৰ অস্ত্ৰোপচাৰ । কিন্তু ক্লিনিকখন ডিচচাৰ্জ হোৱাৰ সময়তে লিফ্টত ঢলি পৰে ।

ক্লিনিকৰ কৰ্মচাৰীসকলে জৰুৰীকালীন যত্ন লৈছিল যদিও যুৱতীগৰাকীৰ অৱস্থা বেয়া হৈ পৰে । তাৰ পিছতে তেওঁক হাস্পতালত ভৰ্তি কৰোৱাৰ পিছত চিকিৎসকে মৃত বুলি ঘোষণা কৰে । মৰণোত্তৰ পৰীক্ষাত মৃত্যুৰ কাৰণ শ্বাস-প্ৰশ্বাসজনিত সমস্যা বুলি উল্লেখ কৰা হৈছে ।

Leave A Reply

Your email address will not be published.