ISHAN NEWS – Always One Step Ahead of Time…

সুস্থ শৰীৰৰ বাবে জগিং কৰা নে খোজকঢ়া বেছি উপকাৰী ?

0 357

সাম্প্ৰতিক সময়ত ব্যস্ত জীৱনটোৰ বাবে ব্যায়াম আৰু খোজ কঢ়াটো অতি প্ৰয়োজনীয় । এটা সুস্থ শৰীৰৰ বাবে আমি প্ৰতিদিনে পুৱা ব্যায়াম আৰু খোজ কাঢ়িব লাগে । কিন্তু ইয়াৰ ভিতৰত কোনটো বেছিকৈ উপকাৰী ? ১০ মিনিটৰ একে ঠাইত ৰৈ জগিং নে ৪৫ মিনিট সময় খোজ কঢ়া ? জানক সবিশষ-

মানুহে এটা সুস্থ শৰীৰৰ বাবে প্ৰতিদিনে নিৰ্দিষ্ট এক ঠাই নিৰ্বাচিত কৰি জগিং বা দ্ৰুত ব্যায়াম কৰা তাৰ উপৰিও খোজকঢ়া দেখিবলৈ পাওঁ ।  তাৰে মাজতে আকৌ সময়ৰ অভাৱত  অতি কম সময়তে  স্বাস্থ্যৱান আৰু এটা সুস্থ শৰীৰৰ পাবলৈ জীমলৈ গৈ বিভিন্নধৰণৰ ব্যায়াম কৰা দেখিবলৈ পোৱা যায় । বহু সময়ত উচিত জ্ঞান নথকাৰ ফলত বহুলোক বিপদত পৰা দেখিবলৈ পোৱা যায় ।

কিন্তু জগিং আৰু খোজকঢ়াৰ মাজত  বহুত পাৰ্থক্য আছে । প্ৰত্যেক বস্তুৰে এটা ধনাত্মক আৰু ঋণাত্মক দিশ থাকে । ঠিক তেনেকৈ জগিং আৰু খোজ কঢ়াৰ মাজত বহুতো উপকাৰিতা আৰু অপকাৰিতা আছে । যদি ইয়াৰ ওপৰত কোনো সঠিক জ্ঞান নাথাকে, তেতিয়াহলে এটা সুস্থ শৰীৰৰ ওপৰত বহুতো ঋণাত্মক প্ৰভাৱ পৰিব পাৰে । আপুনিও এটা সুস্থ শৰীৰ বিচাৰে নেকি ?  যদি বিচাৰে তেন্তে জানক ইয়াৰ সঠিক কাৰণ ।

স্পট জগিং তথা এটা স্থানত ব্যায়ম কৰা মানে হৈছে এক উচ্চ-তীব্ৰতাৰ ব্যায়াম ।  য’ত আপুনি এক নিৰ্দিষ্ট স্থানত দ্ৰুতগতিত খোজকাঢ়ে আৰু ১০ মিনিটত কমেও ৮০ ৰ পৰা ১২০ কেলৰী দহন কৰিব পাৰে । ই আপোনাৰ কাৰ্ডিওভাস্কুলাৰ স্বাস্থ্য বৃদ্ধি কৰে আৰু হৃদযন্ত্ৰক দ্ৰুতগতিত পাম্প কৰাত সহায় কৰে । আনহাতে,  খোজকঢ়া হৈছে এক পাতল হৃদয়ৰ কাৰ্যকলাপ ।  য’ত আপুনি আপোনাৰ গতি আৰু ওজনৰ ওপৰত নিৰ্ভৰ কৰি ৪৫ মিনিটত ১৫০ ৰ পৰা ২০০ কেলৰী দহন কৰিব পাৰে । ই হৈছে এক নিম্ন-তীব্ৰতাৰ ব্যায়াম,  যি দীৰ্ঘম্যাদী সময়ত ওজন হ্ৰাস আৰু ফিটনেছৰ বাবে উপকাৰী ।

সময় আৰু সুবিধা অনুযায়ী স্পট জগিঙে বা দ্ৰুত ব্যায়ামে কম সময়ত অধিক প্ৰভাৱ পেলায় । কিয়নো  আপুনি ইয়াক ঘৰৰ ভিতৰতো কৰিব পাৰে, যি সময় ৰাহি কৰে । আনহাতে খোজ কাঢ়িবলৈ অধিক সময়ৰ প্ৰয়োজন হয় । ই হৈছে এক বাহিৰৰ কাৰ্যকলাপ,  যাৰ সতেজ বায়ু আৰু প্ৰকৃতিৰ মাজত কৰাত অধিক লাভালাভ আছে ।

তাৰোপৰি স্পট জগিং বা দ্ৰুত ব্যায়ামে হৃদস্পন্দনৰ হাৰ উন্নত কৰে,  ই এৰোবিক ফিটনেছ আৰু ষ্টেমিনা বৃদ্ধি কৰে । ঠিক তেনেকৈ খোজ কঢ়াটোৱে লেহেম গতিত হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে,  ই ৰক্তচাপ আৰু ডায়েবেটিচ নিয়ন্ত্ৰণ কৰাৰ বাবেও উপকাৰী । স্পট জগিং বা দ্ৰুত ব্যায়ামে আঁঠু আৰু গাঁঠিৰ ওপৰত অধিক চাপ দিব পাৰে । তাৰ বিপৰীতে খোজ কঢ়াৰ ফলত গাঁঠি আৰু পেশীৰ ওপৰত কম চাপ পৰে,  সেয়েহে গাঁঠিৰ বিষ বা আৰ্থ্ৰাইটিছৰ সমস্যা থকা লোকসকলৰ বাবে স্পট জগিঙতকৈ খোজকঢ়া ভাল ।

Leave A Reply

Your email address will not be published.