আপোনাৰো খাদ্য এলাৰ্জি হয় নেকি ? জানক এই এলাৰ্জিৰ কাৰণ
সাম্প্ৰতিক জীৱনত প্ৰায়সকল লোকৰ দেহত বিভিন্নধৰণৰ এলাৰ্জি হোৱা দেখিবলৈ পোৱা যায় । কেতিয়াবা ক্ৰীম সানিলে বিশেষকৈ এলাৰ্জি হোৱা দেখিবলৈ পোৱা যায় । তাৰ ভিতৰত এটা এলাৰ্জি হৈছে খাদ্যৰ এলাৰ্জি । যিটো এলাৰ্জি হ’লে বিভিন্ন সমস্যাৰ সৃষ্টি হয় । যদি ইয়াৰ চিকিৎসা সঠিক সময়ত পোৱা নাযায়, মৃত্যুপৰ্যন্তও হ’ব পাৰে । কিন্ত কিয় এই খাদ্য এলাৰ্জি হয় আপুনি জানেনে ?
আজিকালি প্ৰায়সকল লোকৰ কিবা এটা খালেই এলাৰ্জি হোৱা দেখা যায় । যিকোনো খাদ্য খোৱাৰ পিছত শৰীৰত কিয় সমস্যা আৰম্ভ হয় ? খাদ্যৰ এলাৰ্জিৰ ফলত দেহৰ ভিন্নঅংশ ফুলি উঠা, বমি, ওকালি অহা বা ভাগৰ আদিৰ দৰে সমস্যা হ’ব পাৰে । যদি এনে লক্ষণে দেখা দিয়ে, তেন্তে আপুনি লগেলগে চিকিৎসকৰ ওচৰলৈ যাব লাগে আৰু সঠিক পৰামৰ্শ ল’ব লাগে ।
খাদ্য এলাৰ্জিৰ অৰ্থ হৈছে যে, ই নিৰ্দিষ্ট খাদ্যবস্তু খোৱাৰ পিছত হয় । যেতিয়া আপোনাৰ শৰীৰে কোনো এটা নিৰ্দিষ্ট খাদ্য গ্ৰহণ নকৰে, ই ইয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া কৰা আৰম্ভ কৰে । ফলত খাদ্য এলাৰ্জিৰ সমস্যা হয় । আজিকালি যুৱসকলৰ ক্ষেত্ৰত খাদ্যৰ এলাৰ্জি দ্ৰুতগতিত হৈ আছে । এক গৱেষণা অনুসৰি ১০ শতাংশৰো অধিক যুৱক এই এলাৰ্জিৰ ভুক্তভোগী । কেতিয়াবা এই এলাৰ্জিবোৰ গুৰুতৰ আৰু কেতিয়াবা স্বাভাৱিক হয় । এনে পৰিস্থিতিত, খাদ্য এলাৰ্জিৰ আটাইতকৈ ডাঙৰ কাৰণ কি জানো আহক…
খাদ্য এলাৰ্জিৰ লক্ষণ বিভিন্নধৰণৰ হব পাৰে ।
১. কোনো নিৰ্দিষ্ট বস্তু খোৱাৰ পিছত খজুৱতি বা ছালৰ দাগ
২. কিবা খোৱাৰ পিছত ওঁঠ বা জিভা ফুলা। এই এলাৰ্জিয়ে হাঁওফাঁওৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।
৩. ডিঙিৰ খজুৱতি, কৰ্কশ কণ্ঠস্বৰ, গিলিবলৈ অসুবিধা, ডিঙি ফুলা
৪. উশাহ লোৱাত অসুবিধা
৫. উশাহৰ সমস্যা, হঠাতে কাহ আৰম্ভ হোৱা
৬. কিছুমান বস্তু খোৱাৰ পিছত বমি, পেট টান বা ওকালি অহা
৭. ছাল হালধীয়া বা নীলা ৰং হোৱা
৮. কিবা খোৱাৰ পিছত মূৰ ঘূৰোৱা
যেতিয়া আপোনাৰ ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে এক নিৰ্দিষ্ট প্ৰকাৰৰ খাদ্যৰ প্ৰতি অধিক প্ৰতিক্ৰিয়া কৰে, তেতিয়া খাদ্য এলাৰ্জি হ’ব পাৰে । প্ৰকৃততে, আমাৰ শৰীৰত এক প্ৰ’টিন আছে, যাক ইমিউনোগ্লোবিউলিন বুলি কোৱা হয়। বিভিন্ন ইমিউনোগ্লোবিউলিনৰ কাৰ্যপন্থা বেলেগ বেলেগ।
শৰীৰৰ বাবে বিপজ্জনক, যেনে- বেক্টেৰিয়া, পৰজীৱী বা কৰ্কট কোষ, ইমিউনোগ্লোবিউলিন(আইজিই)ৰ দ্বাৰা চিনাক্ত আৰু পৃথক কৰা হয় । যেতিয়া আপুনি আপোনাৰ শৰীৰৰ বাবে ভাল নথকা খাদ্য খায়, আইজিই-য়ে শৰীৰক প্ৰতিক্ৰিয়া কৰিবলৈ কয় । যাৰ বাবে শৰীৰত এলাৰ্জিৰ লক্ষণে দেখা দিয়ে । যদি অতীতত এলাৰ্জি হৈছিল, হাপানী, ঋতুগত এলাৰ্জি আৰু একজিমা আছিল, তাৰ ফলতো হ’ব পাৰে ।
ঠিক তেনেকৈ বেয়া খাদ্য খোৱা, দীঘলীয়া সময়ৰ বাবে ৰখা খাদ্য খোৱা, খাদ্যৰ প্ৰতি অধিক সংবেদনশীল হোৱা । এইবোৰ কাৰণতে সাধাৰণতে এলাৰ্জি হোৱা দেখা যায় । তাৰোপৰি প্ৰাপ্তবয়স্কৰ তুলনাত শিশুৰ খাদ্য এলাৰ্জি হোৱাৰ সম্ভাৱনা অধিক হ’ব পাৰে।