ISHAN NEWS – Always One Step Ahead of Time…

‘অ’ মইনা কেতিয়া আহিলি’ বুলি গাবলৈ সুদক্ষিণা শৰ্মা আৰু নাই।

0 95

‘অ’ মইনা কেতিয়া আহিলি’ বুলি গাবলৈ সুদক্ষিণা শৰ্মা আৰু নাই। ‘নাহৰ ফুলে নুশুৱায়, তগৰ ফুলে শুৱাব’ গাবলৈ সুদক্ষিণা শৰ্মা আৰু কেতিয়াও নাহে। এক নেদেখা বাটেৰে এই পৃথিৱীৰ মায়া এৰি ৩ জুলাইৰ পুৱা ৮.২৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

অসমীয়াৰ হিয়াৰ আমঠু ভূপেন হাজৰিকাৰ কনিষ্ঠ ভগ্নী সুদক্ষিণা শৰ্মাক পৰিয়ালে সৰুতে নাম ৰাখিছিল নিৰূপমা হাজৰিকা। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নাম দিছিল কুইনী হাজৰিকা। সেই নিৰূপমা হাজৰিকাই পাছত হৈছিলগৈ কুইনী হাজৰিকা। বিয়াৰ পাছত শহুৰেকে নাম দিছিল সুদক্ষিণা শৰ্মা। পৰৱৰ্তী সময়ত সেই নামেৰেই অসমীয়া সংগীত জগতত পৰিচিত হৈ পৰিছিল শিল্পীগৰাকী।

১৯৩৬ চনৰ ৮ আগষ্টত জন্মগ্ৰহণ কৰা সুদক্ষিণা শৰ্মাই ১০ বছৰ বয়সতেই কমল নাৰায়ণ চৌধুৰীৰ সৈতে একেলগে গাইছিল ‘নাহৰ ফুলে নুশুৱায়, তগৰ ফুলে শুৱাব’ গীতটি। আকাশবাণী গুৱাহাটী কেন্দ্ৰ যোগে সুদক্ষিণা শৰ্মাই স্বামী দিলীপ শৰ্মাৰ সৈতে কেইবাটাও গীত গাইছিল। সৰুতে ভূপেন হাজৰিকাৰ সৈতে কণ্ঠ নিগৰাইছিল সুদক্ষিণা শৰ্মাই।

পৰৱৰ্তী সময়তো ভূপেন হাজৰিকাৰ সৈতে কেইবাটাও গীত আকাশবাণী গুৱাহাটীত বাণীৱদ্ধ কৰাৰ লগতে বিভিন্ন অনুষ্ঠানত পৰিৱেশন কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা, ভূপেন হাজৰিকাৰ সান্নিধ্যই শিল্পীগৰাকীক সংগীতৰ দিশত আগবঢ়াই লৈ গৈছিল। ১৯৪৭ চনত পানবজাৰলৈ মহাত্মা গান্ধী আহোতে মহাত্মা গান্ধীৰ সন্মুখত ‘এ জয় ৰঘুনন্দন’ গীতটি পৰিৱেশন কৰাৰ সুবিধা লাভ কৰিছিল।

২০০২ চনত সুদক্ষিণা শৰ্মাই স্বামী দিলীপ শৰ্মাৰ সৈতে লাভ কৰিছিল সংগীত নাটক একাডেমি বঁটা।

সন্দিকৈ কলেজত উচ্চ শিক্ষা গ্ৰহণ কৰা সুদক্ষিণা শৰ্মাই কেইবাখনো অসমীয়া বোলছবিৰ গীতত কণ্ঠ নিগৰাইছিল। ইয়াৰ ভিতৰত অন্যতম ‘মণিৰাম দেৱান’, ‘চিকমিক বিজুলী’ আদি।

অসুস্থ অৱস্থাতো চিকিত্সালয়ৰ বিছনাতে গাইছিল ‘মানুহে মানুহৰ বাবে’ গীতটি। মানুহক ভাল পোৱা শিল্পী সুদক্ষিণা শৰ্মা পুত্ৰ ঋষিৰাজ শৰ্মাৰ মৃত্যুৰ পাছতেই অকলশৰীয়া হৈ পৰিছিল। পুত্ৰশোকত ভাগি পৰিছিল শিল্পীগৰাকী। ক্ৰমাত্‍‍ অসুস্থ হৈ আহিছিল সুদক্ষিণা শৰ্মা। ৭ দশকতকৈ অধিক সময় সংগীত সাধনাৰে অসমীয়া সংগীত জগতলৈ অনবদ্য অৱদান আগবঢ়াই থৈ যোৱা শিল্পীগৰাকীৰ কণ্ঠৰ গীত সদায় জীয়াই থাকিব অসমীয়াৰ হৃদয়ে হৃদয়ে…

Leave A Reply

Your email address will not be published.