ISHAN NEWS – Always One Step Ahead of Time…

উৰিষ্যাৰ বালাচোৰত সংঘটিত ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ প্ৰতিবেদন দাখিল । প্ৰতিবেদনত প্ৰকাশ কাৰ ভুলৰ বাবে সংঘটিত হল ভয়ংকৰ দুৰ্ঘটনা !

0 479

ভাৰতৰ ৰেল বিভাগৰ ইতিহাসত সবাতোকৈ ভয়ংকৰ ৰেল দুৰ্ঘটনা হিচাপে পৰিচিত হোৱা উৰিষ্যাৰ বালাচোৰৰ ৰে’ল দুৰ্ঘটনাৰ তদন্তৰ পাছত, ৰে’ল বিভাগৰ সুৰক্ষা আয়ুক্তই দাখিল কৰিছে প্ৰতিবেদন । বিভাগীয় তদন্তৰ পাছত এই প্ৰতিবেদনত উল্লেখ কৰিছে দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণ সমূহ । কি কাৰণে সংঘটিত হল এই ভয়ংকৰ দুৰ্ঘটনা ।
প্ৰতিবেদনত প্ৰকাশিত তথ্যমতে উক্ত দুৰ্ঘটনাত ২৯৩ জন লোকৰ মৃত্যু হৈছিল।বালাচোৰ ৰে’ল দুৰ্ঘটনাৰ তদন্তৰ পিছত, ৰে’ল বিভাগৰ সুৰক্ষা আয়ুক্তই (চিআৰএছ)প্ৰকাশ কৰিছে দুৰ্ঘটনাটোৰ প্ৰতিবেদন। কেইবাটাও স্তৰত থকা ত্ৰুটিৰ বাবেই সংঘটিত হল এই ভয়ংকৰ দুৰ্ঘটনা। অৱস্থান বাকচৰ ভিতৰত তাঁৰৰ ভুল লেবেল লগোৱাৰ বিষয়টো তদন্তৰ আওতালৈ আনিছিল বিভাগে । ৰেলবিভাগে বিভিন্ন ক্ষেত্ৰত দেখা দিয়া ত্ৰুটিবোৰ উপেক্ষা কৰাৰ বাবেই সংঘটিত হল এই ভয়ংকৰ দুৰ্ঘটনা। ত্ৰুটি বিলাক সময় মতে থিক কৰা হলে দুৰ্ঘটনাটো সংঘটিত নহলহেতেন।

চিআৰএছ ৰ এই প্ৰতিবেদন ২৮ জুনত ৰেলৱে ব’ৰ্ডত দাখিল কৰিছে । ৰাষ্ট্ৰীয় সংবাদমাধ্যমত এই প্ৰতিবেদনৰ কেইটামান অংশ পোহৰলৈ আহিছে। ৰেলৰ লেভেল-ক্ৰছিংৰ অৱস্থান বাকচৰ ভিতৰত তাঁৰৰ ভুল লেবেল লগোৱা তথ্য , অজ্ঞাত হৈ আছিল, যাৰ ফলত তত্বাৱধানৰ কামৰ সময়ত ত্ৰুটি হৈছিল।প্ৰধানতঃ ৰেলৱেৰ চিগনেলিং বিভাগটো দুৰ্ঘটনাটোৰ বাবে দায়ী বুলি চিনাক্ত কৰা হৈছে। চিগনেলিং নিয়ন্ত্ৰণ প্ৰণালীত ত্ৰুটি চিনাক্ত কৰাত ব্যৰ্থ হোৱাৰ বাবে দুৰ্ঘটনাৰ এইখন প্ৰতিবেদনত ষ্টেচন মাষ্টাৰৰ নাম স্পষ্টকৈ উল্লেখ কৰিছে ।
ৰেল ষ্টেচনৰ অৱস্থান বাকচত সকলো তাঁৰ সংযোজিত থকাৰ পাছতো তাত ভুল লেবেল লগোৱা আছিল। যাৰ বাবে সেইদিনা ইণ্ডিকেটৰলৈ ভুল চিগনেল আহিছিল ।

২০১৫ বৰ্ষত , সমগ্ৰ ৱায়াৰিং নক্সাটো কাগজত সাল সলনি কৰা হৈছিল আৰু সেই নক্সাই বিভাগীয় অনুমোদন লাভ কৰিছিল । এই নক্সা তত্বাৱধানৰ পিছত ৱায়াৰিং কেনেদৰে কৰা হয় সেইটো টেকনিচিয়ানসকলক দেখুৱাবলৈ কৰা হৈছিল । এই লেবেল লগোৱাটো কেৱল কাগজতহে সলনি কৰা হৈছিল । আকৌ ২০১৮ চনত, অৱস্থান বাকচৰ চিনাক্ত কৰা বৰ্তনীটো অৱস্থান বাকচৰ ভিতৰত স্থানান্তৰ কৰা হৈছিল। সেইসময়ত কৰা সালসলনিৰ সঠিকভাৱে লেবেল লগোৱা হোৱা নাছিল। নক্সাৰ লগতে টাৰ্মিনেল ৰেকটো কোনোধৰণৰ সালসলনি হোৱা নাছিল ।

প্ৰতিবেদনত উল্লেখিত তথ্যমতে বাহানাগা বজাৰৰ অৱস্থান বাকচৰ বাবে বালাচোৰৰ আন এটা অৱস্থান বাকচৰ নক্সা ব্যৱহাৰ কৰা হৈছিল। তদন্তৰ প্ৰতিবেদনত উল্লেখ কৰা মতে এইটো আছিল ভুল পদক্ষেপ । যাৰ ফলত ভুল ৱায়াৰিং হৈছিল।


কেৱল বিকল হোৱাৰ বাবে খড়গপুৰ বিভাগৰ বাংৰা নয়াবাজ ষ্টেচনত একে ধৰণৰ ঘটনা সংঘটিত হোৱাৰ প্ৰায় দুসপ্তাহ পিছত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। যদি সেই ঘটনাটোৰ পিছত ভুল ৱায়াৰিংৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হলে এনেধৰণৰ দুৰ্ঘটনা সংঘটিত নহ’লহেঁতেন।

প্ৰতিবেদনত উল্লেখিত তথ্যমতে, কৰমণ্ডল এক্সপ্ৰেছৰ প্ৰধান লাইনৰ বাবে সেই সময়ত সেউজ সংকেত আছিল। কিন্তু ৰেলখনৰ দিশ নিৰ্ণয় কৰা প্ৰণালীটোৱে ভুলকৈ লুপ লাইনৰ ফালে সংকেত দিছিল যাৰ ফলত সংঘটিত হৈছিল এই ভয়ংকৰ ৰেল দুৰ্ঘটনা।

Leave A Reply

Your email address will not be published.