ISHAN NEWS – Always One Step Ahead of Time…

DRDOৰ বিজ্ঞানীৰ বিৰুদ্ধে অভিযোগনামা দাখিল । পাকিস্তানী মধুচক্রৰ জালত কেনেকৈ পৰিল প্রদীপ কুৰুলকাৰ ? ISHAN NEWS…

0 58

ভাৰতৰ প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা অৰ্থাৎ DRDOৰ বিজ্ঞানী প্রদীপ কুৰুলকাৰৰ বিৰুদ্ধে ভাৰতৰ মিছাইল সম্পৰ্কীয় গোপনীয় তথ্য এগৰাকী পাকিস্তানী এজেণ্টৰ সৈতে ভাগ বটৰোৱা কৰাৰ গুৰুতৰ অভিযোগ । বৰ্তমান ন্যায়িক জিম্মাত থকা বিজ্ঞানী গৰাকীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে মহাৰাষ্ট্ৰ আৰক্ষীয়ে । অভিযোগ মতে, বিজ্ঞানী প্রদীপ কুৰুলকাৰে ‘জাৰা দাসগুপ্ত’ নামৰ পাকিস্তানী এজেণ্ট গৰাকীক ভাৰতৰ মিছাইল প্ৰণালী আৰু অন্যান্য প্ৰতিৰক্ষা সম্পৰ্কীয় প্ৰকল্পৰ বিষয়ে তথ্য দিছিল।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্রকাশিত তথ্য মতে, পুনেৰ ডিআৰডিঅ’ পৰীক্ষাগাৰৰ সঞ্চালক প্ৰদীপ কুৰুলকাৰৰ বিৰুদ্ধে যোৱা সপ্তাহত আদালতত দাখিল কৰা হৈছে অভিযোগনামা । চলিত বৰ্ষৰ ৩ মে‘ত প্রদীপ কুৰুলকাৰক চোৰাংচোৱাৰ অভিযোগৰ ভিত্তিত অফিচিয়েল চিক্রেটছ এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰে মহাৰাষ্ট্ৰ আৰক্ষীয়ে । হোৱাটছ এপছৰ জৰিয়তে পাকিস্তানী এজেণ্ট জাৰা দাস গুপ্তৰ সৈতে যোগাযোগ হৈছিল প্রদীপ কুৰুলকাৰৰ ।

জাৰা দাসগুপ্তই নিজকে লণ্ডনত কাম কৰা এগৰাকী চফ্টৱেৰ অভিযন্তা হিচাপে পৰিচয় দাঙি ধৰিছিল । অভিযোগ মতে, জাৰাই অশ্লীল বাৰ্তা আৰু ভিডিঅ’ প্ৰেৰণ কৰি বিজ্ঞানী প্রদীপ কুৰুলকাৰৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল । ‘জাৰা দাসগুপ্ত’ৰ মধুচক্রত বন্দী হোৱা বিজ্ঞানীজনে তেওঁৰ ব্যক্তিগত ফোনত সংৰক্ষণ কৰি ৰখা ডিআৰডিঅ’ৰ গোপনীয় তথ্য দিছিল পাকিস্তানৰ এজেণ্ট জাৰা দাসগুপ্তক ।
অনুসন্ধানত, জাৰা দাসগুপ্তৰ আই, পি (ইণ্টাৰনেট প্ৰটোকল)ৰ স্থান ধৰা পৰিছিল পাকিস্তানত । অভিযোগ মতে, পাকিস্তানী এজেণ্টজনে ব্ৰহ্মোছ লঞ্চাৰ, ড্ৰোন, অগ্নি মিছাইল আৰু সামৰিক ব্ৰিজিং প্ৰণালী সম্পৰ্কীয় তথ্য সৰকোৱাৰ চেষ্টা কৰিছিল বিজ্ঞানী গৰাকীৰ পৰা । অভিযোগ কৰা হৈছে যে ৫৯ বছৰীয়া বিজ্ঞানীজনে এজেণ্টজনৰ সৈতে মিছাইল প্ৰণালী, ড্ৰোন আৰু ডিআৰডিঅ’ৰ কৰ্তব্য তালিকাৰ বিষয়েকথা পাতিছিল। অভিযোগপত্ৰখনৰ উদ্ধৃতি দি প্ৰতিবেদনখনত কোৱা হৈছে যে এক বাৰ্তালাপত বিজ্ঞানীজনে এটা মিছাইলৰ বিষয়ে কৈছিল আৰু লিখিছিল, ‘লঞ্চাৰটো মোৰ দ্বাৰা ডিজাইন কৰা হৈছিল’।
অভিযোগনামাত উল্লেখ কৰা হৈছে যে অভিযুক্ত মহিলাগৰাকীয়ে সামৰিক প্ৰকল্পৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰিবলৈ বিজ্ঞানীজনৰ কাষ চাপিছিল। এটিএছে জানিবলৈ দিয়া মতে দুয়োজনে ইমেইল আৰু ইনষ্টাগ্ৰামৰ জৰিয়তেও যোগাযোগ ৰক্ষা কৰিছিল । কুৰুলকাৰৰ সৈতে যোগাযোগ কৰিবলৈ এগৰাকী পাকিস্তানীৰ ‘জিমেইল’ ব্যৱহাৰ কৰিছিল ।

যেতিয়া ডি.আৰ.ডি.ও.-য়ে বিজ্ঞানী প্ৰদীপ কুৰুলকাৰৰ কাৰ্যকলাপ সম্পৰ্কে সন্দেহ কৰিছিল, এক আভ্যন্তৰীণ তদন্ত আৰম্ভ কৰা হৈছিল। বিজ্ঞানী গৰাকীৱ বিৰুদ্ধে DRDO ৰ বিভাগীয় তদন্ত আৰম্ভ হোৱাৰ সময়তে জাৰাৰ নম্বৰটো বন্ধ কৰি দিছিল বিজ্ঞানী প্রদীপ কুৰুলকাৰে ৷ অভিযোগনামাত ২০৩ টা সাক্ষ্য লিপিবদ্ধ কৰিছে ATS ।

Leave A Reply

Your email address will not be published.