ISHAN NEWS – Always One Step Ahead of Time…

প্রকৃতিৰ ৰোষত উত্তৰাখণ্ড ।

0 66

হিমাচল প্রদেশৰ পাছত এইবাৰ উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণ । শুকুৰবাৰে নিশাৰ পৰা হোৱা ধাৰাশাৰ বৰষুণৰ পাছত ব্যাহত হৈ পৰিছে উত্তৰাখণ্ডৰ স্বাভাৱিক জনজীৱন । ৰাজ্যখনৰ বিভিন্ন স্থানত হোৱা ভূমিস্খলনৰ পাছত বন্ধ হৈ পৰিছে পথ যোগাযোগ ব্যৱস্থা ।প্রবল বৃষ্টিপাতৰ ফলত ৰাজ্যখনৰ বিভিন্ন স্থানত আৱদ্ধ হৈ পৰিছে বহু সংখ্যক পৰ্য্যটক । উত্তৰকাশী, হৰিদ্বাৰ, টিহৰী, পিথোৰাগড়, ডেৰাডুন , বাগেশ্বৰ আদি কেইবাখনো জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট ।
উত্তৰকাশীৰ বিভিন্ন স্থান বুৰ গৈছে বানত । বিভিন্ন ব্যৱসায়িক প্রতিস্থানৰ লগতে কস্ত্তুৰবা গান্ধী আৱাসিক বিদ্যালয়ো বুৰ গৈছে বানত । ৰাজ্যখনৰ বিভিন্ন স্থানত পানীৰ মাজত আৱদ্ধ হৈ পৰা লোকসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে এচ, ডি, আৰ, এফে ।
বদ্ৰীনাথৰ ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ভূমিস্খলন আৰু বানৰ বাবে ব্যাহত হৈ পৰিছে পথ যোগাযোগ ব্যৱস্থা ।
লেহতো শুকুৰবাৰে নিশা সংঘটিত হয় ডাৱৰ বিস্ফোৰণৰ ঘটনা । অঞ্চলটোত সংঘটিত ডাৱৰ বিস্ফোৰণৰ ঘটনাৰ পাছতে ‌লেহৰ বিভিন্ন স্থানত সংঘটিত হয় ভূমিস্খলনৰ ঘটনা। ভূমিস্খলনৰ ফলত বিভিন্ন স্থানত আৱদ্ধ হৈ পৰা লোকসকলক উদ্ধাৰৰ বাবে ব্যস্ত হৈ পৰিছে ভাৰতীয় সেনাবাহিনী ।

Leave A Reply

Your email address will not be published.