ISHAN NEWS – Always One Step Ahead of Time…

আমেৰিকাৰ প্রাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ১০০ বছৰৰ কাৰাদণ্ডৰ সম্ভাৱনা

0 215

আমেৰিকাৰ প্রাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে আদালতত বিচৰাধীন হৈ আছে ৭৮ টা গোছৰ । ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপন হোৱা এই অভিযোগত ট্ৰাম্প দোষী সাব্যস্ত হ’লে ১০০ বছৰৰ কাৰাদণ্ড হব ডোনাল্ড ট্ৰাম্পৰ।
২০২০চনত আমেৰিকাৰ নিৰ্বাচনত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইদেনৰ হাতত পৰাস্ত হোৱাৰ পাছত নিৰ্বাচন বাতিলৰ বাবে হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে প্রাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে । এই তদন্তত যদি ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ সত্য প্রমাণিত হয় তেতিয়া ২০ বছৰৰ কাৰাদণ্ড হব ডোনাল্ড ট্ৰাম্পৰ । সাংবিধানিক অধিকাৰৰ পৰা আন এজন ব্যক্তিক বঞ্চিত কৰিবলৈ বিচৰাৰ অভিযোগ উত্থাপন হৈছে ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে । এই অভিযোগত ট্ৰাম্প দোষী সাব্যস্ত হ’লে ট্ৰাম্পৰ ১০ বছৰৰ কাৰাদণ্ড হব ।
দেশৰ স্পৰ্শকাতৰ তথ্য চুৰিৰ অভিযোগ সন্দৰ্ভত আৰম্ভ হোৱা তদন্তত বাধা দিবলৈ চেষ্টা কৰাৰ অভিযোগো উণ্থাপন হৈছে ট্ৰাম্পৰ বিৰুদ্ধে । এই অভিযোগত ট্ৰাম্প দোষী সাব্যস্ত হলে সৰ্বাধিক ২০ বছৰ পৰ্যন্ত কাৰাদণ্ড হব । আমেৰিকাৰ প্রাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপন হোৱা ৭৮ টা অভিযোগৰ তদন্তত ট্ৰাম্প দোষী সাব্যস্ত হলে আমেৰিকাৰ আদালতে ১০০ বছৰ পৰ্যন্ত কাৰাদণ্ড বিহিব ডোনাল্ড ট্ৰাম্পক ।
ইফালে এই সন্দৰ্ভত ডোনাল্ড ট্ৰাম্পে বাৰে বাৰে নিজকে নিৰ্দোষী বুলি দাবী কৰিছে । ট্ৰাম্পৰ অভিযোগ , ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা জো বাইডেন প্রশাসনে ডোনাল্ড ট্ৰাম্পক আতৰাই ৰখাৰ ষড়যন্ত্র কৰিছে । আমেৰিকাৰ প্রশাসনৰ সৈতে জড়িত বিষয়া সকলে সংবাদ মাধ্যমৰ আগত কয় যে , দেশৰ এগৰাকী প্রাক্তন মুৰব্বীৰ বিৰুদ্ধে ইমানবোৰ অভিযোগ দাখিল হোৱাৰ ঘটনা অভূতপূৰ্ব ।
শেহতীয়াকৈ ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপন হোৱা আন এক গুৰুতৰ অভিযোগ হৈছে ডোনাল্ড ট্ৰাম্প হোৱাইট হাউছৰ পৰা ফ্ল’ৰিডাৰ বাসগৃহলৈ যোৱাৰ সময়ত দেশখনৰ ৰাষ্ট্ৰীয় প্রতিৰক্ষা আৰু পাৰমাণৱিক গৱেষণাৰ সৈতে জড়িত প্রায় ১০০ খন নথি -পত্র ট্ৰাম্পে লগত লৈ যায় ।ইতিমধ্যে আমেৰিকাৰ ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি গৰাকীৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাৰ ভিত্তিত আৰম্ভ হৈছে তদন্ত । ট্ৰাম্পৰ বিৰুদ্ধে উণ্থাপন হোৱা অভিযোগৰ গুৰুত্বপূৰ্ণ ভিত্তি হৈছে ট্ৰাম্পে ইচ্ছাকৃত ভাবে দেশখনৰ গুৰুত্বপূৰ্ণ নথি পত্র নিজৰ মাজত ৰাখিছিল ।
মঙলবাৰে তৃতীয়বাৰৰ বাবে অভিযুক্ত কৰা হয় ডোনাল্ড ট্ৰাম্পক । ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপন হোৱা গোচৰত ট্ৰাম্প দোষী সাব্যস্ত হলে কাৰাগাৰৰ বন্ধ কুঠৰিত থাকিব লাগিব ব্যৱসায়ীৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা ব্যক্তিগৰাকী ।

Leave A Reply

Your email address will not be published.