ISHAN NEWS – Always One Step Ahead of Time…

যদি আপুনি টি, ভি চেনেলটো চাবলৈ ভাল পোৱা নাই তেন্তে সেই চেনেলটো চাব নালাগে : উচ্চতম ন্যায়ালয়

0 4,190

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে দেশৰ নিউজ চেনেলসমূহৰ নিৰীক্ষণ বিচাৰি কৰা এখন আবেদন অগ্ৰাহ্য কৰিছে। আদালতত নিউজ চেনেলবোৰৰ বিৰুদ্ধে এখন ৰাজহুৱা স্বাৰ্থ জড়িত মোকৰ্দমা (পিআইএল) দাখিল কৰা হৈছিল। আৱেদনখনত আবেদনকাৰীয়ে বাতৰি চেনেলবোৰ নিৰীক্ষণ কৰিবলৈ এখন বোৰ্ড বা ন্যায়াধিকৰণ গঠন কৰিবলৈ অনুৰোধ কৰিছিল । যাতে এইখন বোৰ্ডে নিউজ চেনেলৰ দৰ্শকৰ অভিযোগবোৰ সমাধান কৰিব পাৰে । ৰাজহুৱা স্বাৰ্থজড়িত এইখন আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি ন্যায়াধীশ অভয় এছ ওকা আৰু সঞ্জয় কাৰোলৰ বিচাৰপীঠে কয় যে দৰ্শকসকলক ভাল নোপোৱা চেনেলসমূহ চাবলৈ কোনেও বাধ্য কৰা নাই । দৰ্শক সকল এইক্ষেত্রত মুক্ত ।

যি সকল দৰ্শক টেলিভিছনৰ সমলৰ বাবে আহত হৈছে তেতিয়া তেনে দৰ্শকৰ বাবে আইনী সহায় ল’ব পৰা ব্যৱস্থা আছে বুলি কয় ন্যায়াধীশ ওকাই ।
দিল্লীস্থিত অধিবক্তা ৰীপক কানচালে উচ্চতম ন্যায়ালয়ত দুখন আবেদন দাখিল কৰিছিল। এখন প্রতিবেদনত ৰীপক কনচালে ‘চাঞ্চল্যকৰ প্ৰতিবেদন’ প্রস্তুত কৰা নিউজ চেনেলবোৰ নিৰীক্ষণ কৰিবলৈ এখন নিয়ামক আয়োগ গঠন কৰাৰ কথা কৈছিল।
ইয়াৰ উপৰিও বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা নীলেশ নৱলাখা আৰু নীতিন মেমানেও আদালতত এখন আবেদন দাখিল কৰিছিল । আৱেদনখনত মিডিয়া নেটৱৰ্ক আৰু টেলিভিছন চেনেলসমূহৰ বিৰুদ্ধে অনা অভিযোগ শুনিবলৈ আৰু দ্ৰুত নিষ্পত্তিৰ বাবে এটা ‘মিডিয়া ট্ৰিবিউনেল’ স্থাপন কৰিবলৈ বিচাৰিছিল। এই আৱেদনৰ শুনানিৰ সময়ত, বিচাৰপীঠে অধিবক্তাজনক উচ্চ ন্যায়ালয়লৈ যাবলৈ অনুমতি দিয়ে

এই সন্দৰ্ভত ন্যায়াধীশ ওকাৰ মন্তব্য “আপুনি উচ্চ ন্যায়ালয়লৈ কিয় নাযায়? উচ্চতম ন্যায়ালয়ে প্ৰতিটো গোচৰৰ শুনানি কিয় কৰা উচিত? আপুনি ভাবেনে যে উচ্চ ন্যায়ালয় এনে ধৰণৰ গোচৰৰ শুনানি ৰখাৰ বাবে সক্ষম নহয়? পাহৰি নাযাব আমি সকলো উচ্চ ন্যায়ালয়ৰ মাজেৰে আহো ।

Leave A Reply

Your email address will not be published.