ISHAN NEWS – Always One Step Ahead of Time…

দুৰৰ চান্দমামা হ’ব ‘ট্য়ুৰৰ’ চান্দমামা।

0 16,117

জোনবাইৰ বুকুত ভাৰতে চন্দ্ৰযান ৩ ৰ জৰিয়তে ইতিহাস সূচনা কৰাৰ বিশেষ ঐতিহাসিক ক্ষণৰ পাছতে প্ৰধানমন্ত্ৰীয়ে মোডীয়ে নতুন অভিযানৰ কথা ঘোষণা কৰে
বুধবাৰে ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬:০৪ বজাত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰে লেণ্ডাৰ বিক্রম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জোহান্সৰ্বাৰ্গৰ পৰা ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে ইছৰোৰ সৈতে মত বিনিময় কৰে ।প্রধানমন্ত্রী মোডীয়ে চন্দ্ৰযান-৩ৰ সফলতাৰ বাবে ইছৰোৰ বিজ্ঞানীসকলক অভিনন্দন জনাই মোদীয়ে কয় যে, মোৰ বিশ্বাস আমাৰ পৰৱৰ্তী প্ৰজন্মই চন্দ্ৰত পৰ্যটনৰ সপোন দেখিব। দুৰৰ চান্দমামা হ’ব ‘টুৰৰ’ চান্দমামা।
লেণ্ডাৰ বিক্ৰমে জোনবাইৰ মাটি স্পৰ্শ কৰাৰ সেই বিশেষ মুহুৰ্তত প্ৰধানমন্ত্ৰীয়ে হাত চাপৰি বজাই সকলোকে অভিন্দন জনায়। সেই সময়ত প্রধানমন্ত্রী গৰাকীয়ে হাতত লৈ আছিল ভাৰতীয় পতাকা । ভাৰ্চুৱেল মাধ্যমেৰে চন্দ্ৰযান-৩ আৰু ১৪ কোটি ভাৰতীয়ৰ সৈতে জড়িত বিজ্ঞানীসকলক অভিনন্দন জনাই মোদীয়ে কয় যে ভাৰতত আমি পৃথিৱীক মাতৃ আৰু চন্দ্ৰক মামা বুলি কওঁ। ভাৰতৰ শিশুৰ মাতৃসকলে ইমান দিনে ‘চন্দামামা দুৰ কি হায়’ বুলি কৈ আহিছিল । মোৰ বিশ্বাস অতি সোনকালে ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ ল’ৰা-ছোৱালীয়ে ক’ব ‘চন্দামামা ট্যুৰ কি হায়’।

চন্দ্ৰযান-৩ৰ যাত্ৰা আৰম্ভ হৈছিল চন্দ্ৰযান-২ৰ বিফলতাৰ কাহিনীক লৈ। সেয়েহে বুধবাৰৰ শেষৰ সেই বিশেষ মুহুৰ্তত ইছৰোৰ ‘যুদ্ধ কক্ষ’ উদ্বিগ্নতাৰে ভৰি পৰিছিল। একে সময়তে সফলতাৰ আশা আৰু উৎসাহো পৰিলক্ষিত হৈছিল নিয়ন্ত্রণ কক্ষত। সেই সময়ত প্রধানমন্ত্রী মোডীও হয়তো অলপ সময়ৰ বাবে নাৰ্ভাছ হৈছিল, কিয়নো লেণ্ডিঙৰ শেষৰ কিলোমিটাৰৰ কথা ঘোষণা কৰাৰ পাছতহে মোডীয়ে ইছৰ’ৰ সৈতে সংযুক্ত হৈছিল। ইছৰোৰ ডিজিটেল স্ক্ৰীণৰ কাষতে আন এখন স্ক্ৰীণত জিলিকি উঠিছিল প্ৰধানমন্ত্ৰীৰ ছবি। মোদীয়ে সফলতা ঘোষণা কৰাৰ পাছত ভাষণত চন্দ্ৰযান-২ৰ কথাও উল্লেখ কৰে। লগতে কয় “মই চন্দ্ৰযান ৩ৰ লগত জড়িত সকলো বিজ্ঞানীকে অভিনন্দন জনাব বিচাৰিছো। আজি সঠিকভাৱে ভাৰতক এক উজ্জ্বল ভৱিষ্যতৰ দিশে লৈ গৈছে। কিন্তু এই অভিযানৰ জৰিয়তে ভাৰতে পৰাজয়ৰ পৰা শিক্ষা লৈ কেনেকৈ জয়ী হ’ব পাৰি সেই কথাও প্ৰমাণ কৰিলে।

ভাৰতৰ স্বাধীনতা দিৱসৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে আজাদী কা অমৃতকালৰ। চন্দ্ৰযান-৩ সেই অমৃতকালৰে অংশ আছিল। বুধবাৰে মোদীয়ে কয় যে আমি পৃথিৱীৰ মাটিত থিয় হোৱাৰ সপোন দেখিছিলো। চন্দ্ৰলৈ গৈ সেই সপোন পূৰণ কৰিলোঁ। এইদৰে ভাৰতৰ
ভাগ্য উদয় হল নতুন ৰূপত । মই জানো ভাৰতৰ ঘৰে আজি ঘৰে উৎসৱ আৰম্ভ হৈছে । সেই উৎসৱত মইও মোৰ দেশবাসীৰ লগত মোৰ পৰিয়ালৰ সৈতে যোগ দিলোঁ। বিজ্ঞানীসকলে সঠিকভাৱে কৈছে ভাৰত এতিয়া জোনবাইত ।
আজি ইংৰাজী ভাষাতো ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে। দেশৰ কোনো অনুষ্ঠানতে তেওঁ কেতিয়াও ইংৰাজী ভাষাত ভাষণ দিয়া দেখা নাযায়। শেহতীয়াকৈ হোয়াইট হাউছ অৱ আমেৰিকালৈ গৈ হিন্দী ভাষাত ভাষণ দিছিল মোদীয়ে। বুধবাৰে অৱশ্যে মোডীয়ে এই নিয়ম ভংগ কৰে। ইংৰাজী ভাষণত মোদীয়ে কয় যে এই জয় কেৱল ভাৰতৰ বাবেই নহয়। আমি এখন পৃথিৱীক বিশ্বাস কৰোঁ। মানৱ জাতিৰ সফলতাত মই বিশ্বাস কৰোঁ। আমাৰ চন্দ্ৰ অভিযানৰো আছে এক মানৱীয় লক্ষ্য। গতিকে এই সফলতা সমগ্ৰ মানৱ জাতিৰ বাবে এক জয়। ভাৰতৰ এই সফলতাই ভৱিষ্যতৰ চন্দ্ৰ অভিযানত আন দেশকো সহায় কৰিব। এইবাৰ আমি ‘চন্দ্ৰ আৰু ইয়াৰ বাহিৰৰ বিশাল পৰিসৰকো স্পৰ্শ কৰাৰ আশা কৰিব পাৰো। ভাৰতে প্ৰমাণ কৰিছে যে দক্ষিণ এছিয়াৰ দেশসমূহেও চন্দ্ৰঅভিযান কৰিব । আজি ভাৰতে সফলতাৰ কাহিনী সলনি কৰি দিলে।

লগতে প্রধানমন্ত্রী মোদীয়ে এই কথাও বুজাই দিয়ে যে সফলতা অৰ্জন কৰাৰ পিছত থমকি ৰোৱাৰ প্ৰশ্নই নাহে । বুধবাৰৰ এই একেটা ভাষণতে মোডীয়ে ইছৰ’ৰ পৰৱৰ্তী মহাকাশ অভিযানৰ কথা ঘোষণা কৰে। মোদীয়ে কয়, ইয়াৰ পিছত ইছৰ’ইয়ে আদিত্য এল ১ মিছন আৰম্ভ কৰিব। আমাৰ পৰৱৰ্তী লক্ষ্য হৈছে শুক্ৰ। আৰু আছে মহাকাশ অভিযান যাৰ জৰিয়তে ভাৰতে প্ৰথমবাৰৰ বাবে মহাকাশলৈ এজন অভিযাত্ৰীক প্ৰেৰণ কৰিব।” মোদীয়ে লগতে কয় যে চন্দ্ৰযানৰ এই সফলতাই ভাৰতক অধিক আত্মবিশ্বাসী কৰি তুলিব।

Leave A Reply

Your email address will not be published.