এগৰাকী মহিলাৰ চৰিত্ৰসম্পৰ্কে কৰা মিছা অভিযোগক ‘নিষ্ঠুৰতা’, আখ্যা দিল্লী উচ্চ ন্যায়ালয়ৰ।
এটা গোচৰৰ ৰায় দিবলৈ গৈ এই গুৰুত্বপূৰ্ণ মন্তব্য আদালতৰ । আদালতত দাখিল কৰা গোচৰত এগৰাকী মহিলাই স্বামীৰ এজন নিকট আত্মীয়ৰ উপৰিও আন পুৰুষৰ সৈতে সম্পৰ্ক ৰখাৰ বাবে তেওঁক অত্যাচাৰ কৰাৰ অভিযোগ উণ্থাপন কৰিছিল।
বিবাহ বিচ্ছেদৰ এই গোচৰৰ ৰায় দিয়াৰ সময়ত দিল্লী উচ্চ ন্যায়ালয়ে এগৰাকী মহিলাৰ চৰিত্ৰ সন্দৰ্ভত মিছা অভিযোগ কৰাৰ সমান আন কোনো নিষ্ঠুৰতা নাই বুলি মন্তব্য কৰে । জানিবপৰা মতে, আদালতত গোচৰ তৰা, দিল্লীৰ এইগৰাকী মহিলাই প্ৰায় ২৭ বছৰ ধৰি তেওঁৰ স্বামীৰ সৈতে একেলগে থকা নাছিল । শেহতীয়াকৈ, মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ বিৰুদ্ধে ৰুজু কৰিছিল বিবাহ বিচ্ছেদৰ গোচৰ ।
স্বামীৰ বিৰুদ্ধে দাখিল কৰা অভিযোগত মহিলাগৰাকীয়ে স্বামীৰ এগৰাকী নিকট আত্মীয়ৰ উপৰিও আন এগৰাকী পুৰুষৰ সৈতে সম্পৰ্ক ৰখাৰ বাবে তেওঁক অত্যাচাৰ কৰাৰ কথা উল্লেখ কৰিছিল । ন্যায়াধীশ সুৰেশ কুমাৰ কাইথ আৰু নীনা বাঞ্চালৰ খণ্ড বিচাৰপীঠে এই সন্দৰ্ভত কয় যে , “যদিও অভিযোগকাৰীয়ে কাম কৰি আছিল, অভিযুক্তজনে কোনো কাম কৰা নাছিল। দুয়োগৰাকীৰ জীৱন নিৰ্বাহৰ পদ্ধতি আৰু বিত্তীয় পৰিস্থিতিৰ মাজতো যথেষ্ট পাৰ্থক্য আছিল। অভিযুক্ত গৰাকীয়ে মুকলি মনেৰে এই ব্যৱস্থাক গ্ৰহণ কৰিব পৰা নাছিল ।
মহিলাগৰাকীৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আদালতে এনে মিছা অভিযোগ উত্থাপন কৰাটোক “নিষ্ঠুৰতা” বুলি বৰ্ণনা কৰে। মহিলাগৰাকীয়ে আদালতক কৈছিল যে তেওঁ ১৯৮৯ চনত বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু বিয়াৰ পাছতে, মহিলাগৰাকীয়ে গম পালে যে তাইৰ স্বামীৰ শিক্ষাগত অৰ্হতা আৰু উপাৰ্জনৰ বিষয়ে কৰা সকলো দাবী মিছা আছিল। ইফালে অভিযোগকাৰীয়ে ১৯৯৬ চনৰ পৰা অকলেই বসবাস কৰিছিল।