ISHAN NEWS – Always One Step Ahead of Time…

দেশৰ ১৪ গৰাকী এংকৰক বৰ্জন ইণ্ডিয়া মিত্ৰজোঁটৰ; তালিকাত কোন কোন? চাওক ISHAN NEWS…

0 554

লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই দেশৰ আগশাৰীৰ সংবাদ মাধ্যমৰ ১৪ গৰাকী বাতৰি উপস্থাপকক (এংকৰ) বৰ্জন কৰাৰ সিদ্ধান্তই ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

যোৱা ১৩ ছেপ্তেম্বৰত শাৰদ পাৱাৰৰ বাসগৃহত অনুষ্ঠিত বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ প্ৰথমখন সমন্বয় সমিতিৰ বৈঠকত এলানি টিভি শ্ব’ আৰু এংকৰক বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰ পিছতে ইণ্ডিয়াৰ তৰফৰ পৰা বৃহস্পতিবাৰে বৰ্জন কৰা ১৪ গৰাকী এংকৰৰ তালিকা ৰাজহুৱা কৰা হয়। ইণ্ডিয়া মিত্ৰজোঁটে এই ১৪ গৰাকী এংকৰৰ অনুষ্ঠানলৈ তেওঁলোকৰ কোনো প্ৰতিনিধি প্ৰেৰণ নকৰে বুলি অৱগত কৰিছে।

এংকৰ বৰ্জনৰ দৰে আশ্বৰ্যকৰ সিদ্ধান্ত লোৱাৰ কাৰণ ব্যাখ্যা কৰি বিৰোধীয়ে কয় যে তেওঁলোকে এনে কোনো বাতৰি অনুষ্ঠানৰ অংশ হ’ব নিবিচাৰে য’ত কেৱল বিৰোধীকহে গৰিহণা দিয়া হয়।

বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই বৰ্জন কৰা এংকৰ ১৪ গৰাকী হ’ল- অমন চোপ্ৰা, প্ৰাচী পৰাশৰ, ৰুবিকা লিয়াকত, চিত্ৰা ত্ৰিপাঠী, সুধীৰ চৌধুৰী, অমিশ দেৱগন, অৰ্ণৱ গোস্বামী, নভিকা কুমাৰ, আনন্দ নৰসিংহাম, গৌৰৱ সায়ন্ত, অদিতি ত্যাগী, সুশান্ত সিনহা, অশোক শ্ৰীবাস্তৱ আৰু শিৱ আৰুৰ।         

Leave A Reply

Your email address will not be published.