ISHAN NEWS – Always One Step Ahead of Time…

‘নিপা’ ভাইৰাছঃ নাই ঔষধ নাই ভেকচিন; সংক্ৰমণৰ পৰা হাত সাৰিবলৈ অৱলম্বন কৰক এই ৫টা কাম । ISHAN NEWS…

0 194

কৰ’ণা ভাইৰাছৰ সংহাৰ হ্ৰাস পোৱাৰ পিছত এইবাৰ নিপা ভাইৰাছে চিন্তাত পেলাইছে জনসাধাৰণক। দক্ষিণ ভাৰতৰ কেৰালাত নিপা ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে।

শেহতীয়াকৈ ৰাজ্যখনৰ কোঝিকোড়ত নতুনকৈ এজনৰ শৰীৰত ধৰা পৰিছে নিপাৰ সংক্ৰমণ। বৰ্তমান নিপা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে পাঁচগৰাকী লোক। এই পাঁচগৰাকী লোকৰ সংস্পৰ্শলৈ অহা ৭০৬গৰাকী লোকৰ ওপৰত নিৰীক্ষণ চলোৱা হৈছে। ৰাজ্যখনত এই ভাইৰাছবিধৰ সংক্ৰমণৰ ফলত বৰ্তমানলৈকে দুজনৰ মৃত্যু ঘটিছে। সংক্ৰমণ প্ৰতিৰোধৰ বাবে ইতিমধ্যেই ৰাজ্যখনৰ বিভিন্ন অঞ্চলক কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে।

উল্লেখ্য যে, ১৯৯৯ চনত প্ৰথমবাৰৰ বাবে চিনাক্ত কৰা হৈছিল নিপা ভাইৰাছ। প্ৰথমবাৰৰ বাবে এই ভাইৰাছৰ সংক্ৰমণ মালয়েছিয়াৰ গাহৰি পালকসকলৰ মাজত দেখা গৈছিল। ২০০১ চনত বাংলাদেশতো নিপা ভাইৰাছৰ সংক্রমণ পোৱা গৈছিল৷ ভাৰতত বিগত ২০ বছৰত পাঁচবাৰকৈ নিপা ভাইৰাছে সন্ত্ৰাস চলাইছে। পশ্চিম বংগৰ শিলিগুৰিত নিপা ভাইৰাছৰ প্ৰথম প্ৰাদুৰ্ভাৱ ঘটিছিল। পৰৱৰ্তী সময়ত প্ৰতিবাৰেই এই ভাইৰাছবিধৰ সংক্ৰমণ কেৱল কেৰালাতে ধৰা পৰিছে।

উল্লেখযোগ্য যে কেৰালাত ইয়াৰ পূৰ্বে ২০১৮ চনত এবাৰ আৰু ২০১৯ আৰু ২০২১ চনত পুনৰ নিপাৰ প্ৰাদুৰ্ভাৱ ঘটিছিল। ২০১৮ চনত ১৮ জন ৰোগীৰ ভিতৰত ১৭ জন ৰোগীৰ মৃত্যু হৈছিল। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে এই ভাইৰাছ অত্যন্ত মাৰাত্মক। অৰ্থাৎ সংক্ৰমণৰ পিছত ভুক্তভোগীৰ মৃত্যুৰ আশংকা বাঢ়ি যায়। এনে পৰিস্থিতিত নিপা ভাইৰাছ কেনেকৈ বিয়পে আৰু সংক্ৰমণ প্ৰতিৰোধৰ বাবে কি কি সাৱধানতা অৱলম্বন কৰিব পাৰে সেই বিষয়ে জনাটো অতি প্ৰয়োজনীয়।

জীৱ-জন্তুৰ পৰা মানুহলৈ আৰু মানুহৰ পৰা মানুহলৈ এই ভাইৰাছবিধ সংক্ৰমণ হয়।

লক্ষণৰ বিষয়ে জানো আহক-

নিপা ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ বহু ধৰণৰ লক্ষণ দেখা যায়। প্ৰাৰম্ভিক লক্ষণসমূহ হ’ল মূৰৰ বিষ আৰু জ্বৰ। ইয়াৰ উপৰি কাহ, ডিঙিৰ বিষ, উশাহ লোৱাত কষ্ট, বমি আদি।

আনহাতে গুৰুতৰভাৱে অসুস্থ ব্যক্তিৰ ক্ষেত্ৰত নিপা ভাইৰাছৰ লক্ষণসমূহ এইধৰণৰ – বিভ্ৰান্তি, টোপনি নোহোৱা, হাৰ্ট এটেক, ক’মাত যোৱা আদি। গুৰুতৰ অসুস্থতাৰ ক্ষেত্ৰত ৪০-৭০% ৰোগীৰ মৃত্যু হয়।

নিপা ভাইৰাছৰ পৰা হাত সাৰিবলৈ অৱলম্বন কৰক এই উপায়

১. মাস্ক পৰিধান কৰক

২. নিৰ্দিষ্ট ব্যৱধানত ভালকৈ হাত ধুৱক

৩. ভিৰৰ পৰা আঁতৰি থাকক

৪. চৰাই বা জীৱ-জন্তুই খোৱা ফল-মূল নাখাব।

৫) বাদুলি আৰু অন্যান্য চৰাইৰ পৰা দূৰত্ব বজাই ৰাখক। কণ্টেইনমেণ্ট জ’ন বা ওচৰৰ অঞ্চলত নিৰ্মিত কোনো খাদ্য সামগ্ৰী সেৱন নকৰিব।

Leave A Reply

Your email address will not be published.