ISHAN NEWS – Always One Step Ahead of Time…

বানত নিঃচিহ্ন হ’ল এখন চহৰৰ আধা অংশ ! ২০ হাজাৰ লোকৰ মৃত্যুৰ বাবে জগৰীয়া কোন? ISHAN NEWS…

0 336

প্ৰকৃতিৰ ৰোষত পৰি অসহায় হৈ পৰিছে উত্তৰ আফ্ৰিকাৰ দেশ লিবিয়া। বিধ্বংসী বানৰ ফলত এই পৰ্যন্ত কমেও ২০ হাজাৰ লোকৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে। বানে ইমানেই ভয়ংকৰ ৰূপ লৈছে যে ইয়াৰ ফলত নিঃচিহ্ন হৈ পৰিছে ডেৰ্না চহৰৰ আধা অংশ।

বান বিভিষীকাৰ বাবে উদ্ধাৰ অভিযানৰ লগতে মৃতদেহ উদ্ধাৰ অভিযানত যথেষ্ট জটিলতাৰ সন্মুখীন হৈছে প্ৰশাসন তথা উদ্ধাৰকাৰী দল। উদ্ধাৰ অভিযানৰ সৈতে জড়িত লোকসকলৰ ভাষ্য অনুসৰি হঠাতে সাগৰৰ পানী চহৰখনত প্ৰৱেশ কৰে আৰু এফালৰ পৰা সকলো উটুৱাই লৈ যায়। বানত উটি যোৱাসকলৰ জীয়াই থকাৰ কোনো সম্ভাৱনা নাই বুলিও তেওঁলোকে কয়।

ডেৰ্না চহৰৰ মেয়ৰে জনোৱা অনুসৰি মৃত্যুৰ সংখ্যা ২০ হাজাৰ পৰ্যন্ত। এতিয়া আটাইতকৈ ডাঙৰ আশংকা হৈছে মহামাৰী বিয়পাৰ। মৃতদেহসমূহ পানীত ওপঙি থকাৰ লগতে পথেৰে বৈ আছে লেতেৰা পানী। ইয়াৰ বাবেই ৰোগৰ সম্ভাৱনা বৃদ্ধি পাইছে। কিন্তু এই সকলোবোৰৰ মাজতে বিশ্ব বতৰ বিজ্ঞান সংস্থাই কয় যে ইমান বৃহৎ সংখ্যক মৃত্যুৰ পৰা হাত সাৰিব পৰা গ’লহেঁতেন। লিবিয়াক সময়মতে সকীয়াই দিয়া হৈছিল যদিও দেশখনত চলি থকা গৃহযুদ্ধৰ বাবে প্ৰশাসনৰ লগতে বতৰ বিজ্ঞান বিভাগ নিষ্ক্ৰীয় হৈ আছিল আৰু সেয়ে বানে ধ্বংসলীলা চলালে দেশখনত। 

Leave A Reply

Your email address will not be published.