শ্বহীদৰ প্ৰত্যুত্তৰ; নিৰাপত্তাৰক্ষীৰ গুলীত নিহত তিনিজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। ISHAN NEWS…
জম্মু-কাশ্মীৰৰ বাৰামুল্লাৰ উৰিত নিৰাপত্তাৰক্ষীৰ গুলীত তিনিজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ আহিছে। জম্মু-কাশ্মীৰ আৰক্ষীয়ে ছ’চিয়েল মিডিয়াযোগে জনোৱা অনুসৰি সেনা আৰু আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত সন্ত্ৰাসবাদী তিনিজন নিহত হয়।
তথ্য প্ৰদান কৰি দক্ষিণ মণ্ডল কাশ্মীৰ আৰক্ষীয়ে কয়, “ভাৰতীয় সেনা, জম্মু-কাশ্মীৰ আৰক্ষী আৰু চোৰাংচোৱা সংস্থাৰ যৌথ অভিযানত আজি পুৱা বাৰামুল্লাৰ উৰি ছেক্টৰ নিয়ন্ত্ৰণ ৰেখাৰে অনুপ্ৰৱেশৰ চেষ্টা চলোৱা তিনিজন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰা হৈছে। দুজন সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও তৃতীয়জন সন্ত্ৰাসবাদীৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।“
আনহাতে অনন্তনাগৰ কোকৰনাগতো নিৰাপত্তাৰক্ষীৰ দলে বিগত চাৰিদিন ধৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। সন্ত্ৰাসবাদীৰ কাৰ্যকলাপৰ ওপৰত আকাশমাৰ্গেৰেও নিৰীক্ষণ কৰি থকা হৈছে।
অনন্তনাগৰ পাহাৰীয়া অঞ্চলৰ বনাঞ্চলত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীক বিচাৰি উলিয়াবলৈ হেলিকপ্টাৰ আৰু ড্ৰোন কেমেৰাৰ সহায় লোৱা হৈছে।
আৰক্ষীয়ে জনোৱা অনুসৰি অনন্তনাগৰ পাহাৰীয়া অঞ্চলত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষী দলৰ ওপৰত উচ্চতাৰ পৰা গুলীচালনা কৰি আছে। ইতিমধ্যে এই এনকাউণ্টাৰত এজন সেনা কৰ্ণেল, এজন মেজৰ, জম্মু-কাশ্মীৰ আৰক্ষীৰ ডি এছ পি আৰু এজন জোৱান শ্বহীদ হয়।
এই ঘটনাৰ পিছতে আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ দলটোৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা হৈছে আৰু ঘটনাস্থলত পেৰা কমাণ্ডোকো মোতায়েন কৰা হৈছে।