ভাৰতীয় বেগী বলাৰ মহম্মদ ছিৰাজৰ বিধ্বংসী বলিঙৰ সহায়ত অষ্টমবাৰৰ বাবে ভাৰতে দখল কৰিলে এছিয়া কাপৰ ট্ৰফী। এছিয়া কাপ ক্ৰিকেট ইতিহাসত ভাৰতৰ এয়া বৃহৎ জয়।
কলম্বোৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেল মেচখনত ঘৰুৱা দল শ্ৰীলংকাক ১০ উইকেটত পৰাস্ত কৰি খিতাপ দখল কৰে ভাৰতে।
আজিৰ খেলখনত শ্ৰীলংকাৰ প্ৰদৰ্শন আছিল অতি শোচনীয়। দলটোৱে ১৫.২ অভাৰত মাত্ৰ ৫০ ৰান সংগ্ৰহ কৰিয়েই ইনিংছ সামৰিছিল। ইয়াৰ পাছতে ভাৰতীয় দলে এটাও উইকেট নেহেৰুৱাকৈ নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়।
৬.১ অভাৰতে খেল সামৰে ভাৰতীয় ক্ৰিকেট দলটোৱে। ভাৰতৰ হৈ শুভমন গিল ২৭ ৰান (নট আউট) আৰু ঈশান কিষাণে ২৩ ৰান (নট আউট) কৰে।
উল্লেখ্য যে, এটা অভাৰত চাৰিটা উইকেট দখল কৰি ইতিহাস ৰচা ছিৰাজে মেচখনত ৬ টা উইকেট দখল কৰে। ইফালে হাৰ্দিক পাণ্ডিয়াই দখল কৰে ৩টাকে উইকেট।
ইয়াৰ পূৰ্বে ভাৰতে ৭ বাৰ এছিয়া কাপত জয়লাভ কৰিছিল। ২০১৮ চনৰ পাছত এইবাৰ ২০২৩ ৰ এছিয়া কাপৰ ট্ৰফী ভাৰতৰ হাতলৈ আহে।