ISHAN NEWS – Always One Step Ahead of Time…

সাংসদ পুঁজিৰ ধন অপব্যৱহাৰ : চি এম ভিজিলেঞ্চৰ জেৰাৰ সন্মুখীন হ’ব প্ৰাক্তন সাংসদ ৰাণী নৰহ

0 219

সাংসদ পুঁজিৰ ধন অপব্যৱহাৰৰ গোচৰত চি এম ভিজিলেঞ্চৰ জেৰাৰ সন্মুখীন হ’ব কংগ্ৰেছৰ প্ৰাক্তন সাংসদ তথা জ্যেষ্ঠ নেত্ৰী ৰাণী নৰহ।

দুদিন পূৰ্বে জাননী জাৰি কৰা ৰাণী নৰহ কাইলৈ অৰ্থাত ১৯ চেপ্তেম্বৰত উপস্থিত হ’ব লাগিব ভিজিলেঞ্চৰ কাৰ্যালয়ত।

২০১৩-১৪ বৰ্ষত সাংসদ উন্নয়ন পুঁজিৰ ব্যয়ত খেলিমেলিৰ অভিযোগত ০৪/২০১৭ নম্বৰত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত এই চমন জাৰি কৰা হৈছে। দুৰ্নীতি নিবাৰক আইন,১৯৮৮ৰ অধীনত ভাৰতীয় দণ্ডবিধিৰ 120(B)/ 468/ 471/ 409 আৰু R/W Sec. 13(2) ধাৰাত ৰুজু হৈছিল গোচৰটো।

Smt. Ranee Narah taking charge as the Minister of State for Tribal Affairs, in New Delhi on October 29, 2012.

সাংসদ পুঁজি কেলেংকাৰী সন্দৰ্ভত চমন জাৰি কৰাৰ পিছতেই আজি সংবাদমেলৰ জৰিয়তে সমগ্ৰ বিষয়টো সন্দৰ্ভত স্থিতি স্পষ্ট কৰে ৰাণী নৰহ আৰু ভৰত নৰহে।

প্ৰাক্তন সাংসদগৰাকীৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ চলাৰ অভিযোগ তুলি ৰাণী নৰহে কয় যে সেই সময়ত লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, যোৰহাট জিলাৰ দায়িত্বত আছিলো। তদানিন্তন উপায়ুক্তইহে সাংসদ পুঁজিৰ ব্যয়ৰ তথ্য জানিব।

ইফালে ভৰত নৰহে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে মুখ্যমন্ত্ৰীৰ ভূমি-ৰাজসাহায্য কেলেংকাৰী তল পেলাবলৈ এনে কাম কৰিছে।
তেওঁ কয়, ‘বৃটিছৰ লাঠি-গোৰলৈ কংগ্ৰেছে ভয় কৰা নাছিল আৰু নকৰে। আমাৰ বাবে দেশ, জাতি আগত। সেয়ে আমি যুঁজ দিম’।

Leave A Reply

Your email address will not be published.