“আহিন যদি আহিল আজি
হাঁহি নাহিল কিয় ,
প্ৰেম যদি আহিল আজি
কিয় নাহিল প্ৰিয়…”
আহিন মানেই শেৱালী, তগৰৰ সুগন্ধিৰে ভৰপূৰ পুৱা-গধুলীৰ সুৱাস । আহিন মানেই শেৱালী ফুলৰ শুভ্ৰতাৰে মুখৰিত নিয়ৰসিক্ত পুৱা । আহিন মানেই কৃষকৰ মুখৰ এটি প্ৰস্ফূটিত হাঁহি ।
আহিন অসমীয়া বাৰমাহৰ ষষ্ঠ মাহ। শেৱালীৰ সুবাসৰ সু-বতৰা লৈ আকৌ আহিল আহিন। আহিনৰ লগে লগে আগমণ হয় ঋতুৰাণী শৰতৰ । শৰৎ হৈছে ঋতুৰ উৎসৱ। শাৰদী ঋতুৱে ধৰাৰ বুকুলৈ কঢ়িয়াই আনে সৃষ্টি ,প্ৰেম, সম্প্ৰীতি আৰু সম্ভাৱনাৰ এটি শুভ্ৰ বতৰা।
এই শৰৎ কালতেই দুৰ্গা পূজা উদযাপন কৰা হয়। শৰৎ কালত পালন কৰা হয় বাবেই এই পূজাক শাৰদীয় দুৰ্গা পূজা বুলি অভিহিত কৰা হয়। তাৰোপৰি এই ঋতুতেই কালিপূজা, দেৱালী, কাতি বিহু পালন কৰা হয় ।
এই আহিনতে ৰিব ৰিবকৈ বলা বতাহজাকত হালি-জালি নাচি ফুলি থাকে কঁহুৱা। ফলত শুভ্ৰ হৈ পৰে নদীৰ পাৰ । এই কহুঁৱা ফুলৰ মনোৰম দৃশ্যই মানুহৰ মনলৈ লৈ আহে অফুৰন্ত আশা আৰু প্ৰেৰণাৰ বতৰা ৷
প্ৰকৃতিৰ অনন্য এই কঁহুৱাবোৰ স্বাভাৱিকভাৱেই গজি উঠে নৈ, জান, বিলৰ পাৰত। গীতৰ মাজত কঁহুৱাই জীপাল কৰে শৰতৰ সেই মধুৰ আৱেগসনা পৰিৱেশৰ।
আচলতে এই আহিন কেৱল এটা মাহ নহয়। আহিন মানে আশা, অনেক সম্ভাৱনা, আৰু অলেখ প্ৰতিশ্ৰুতি ।