ISHAN NEWS – Always One Step Ahead of Time…

কংগ্ৰেছ নেতাক গুলীয়াই হত্যা; হত্যাৰ দায়িত্ব স্বীকাৰ খালিস্তানী সন্ত্ৰাসবাদীৰ । ISHAN NEWS…

0 219

পঞ্জাৱত মোগা জিলাৰ ডালা গাঁৱত কংগ্ৰেছ দলৰ এগৰাকী স্থানীয় ৰাজনীতিবিদক খালিস্তান মৌলবাদী সংগঠনৰ সৈতে জড়িত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে। মৃত নেতাজনক বলজিন্দৰ সিং বল্লী (৪৫) বুলি চিনাক্ত কৰা হৈছে।
বন্দুকধাৰী দুৰ্বৃত্তৰ দলে সোমবাৰে কংগ্ৰেছ নেতাগৰাকীৰ ঘৰত প্ৰৱেশ কৰি গুলীয়াই হত্যা কৰে। এটা গুলী তেওঁৰ বুকুত আৰু আনটো উৰুত আঘাত কৰে।


আৰক্ষীয়ে জনোৱা মতে, আক্ৰমণকাৰী বাইকত আহিছিল। দুজন দুৰ্বৃত্তৰ এজনে ঘৰত সোমাইছিল আৰু আনজন বাহিৰত ৰৈ আছিল। ডালা গাঁৱৰ বল্লীৰ ঘৰৰ বাহিৰত স্থাপন কৰা চিচি টিভিত বন্দী হৈছে এই ঘটনা। তেওঁ অজিতোৱালৰ কংগ্ৰেছ ব্লক সভাপতি আছিল।

এই ঘটনা সংঘটিত হোৱাৰ কেইঘণ্টামানৰ পাছত অৰ্শদীপ সিং গিল ওৰফে অৰ্ছ ডাল্লা নামৰ এজন গেংষ্টাৰ তথা সন্ত্ৰাসবাদীয়ে নিজৰ ফেচবুক পোষ্টযোগে হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে। তেওঁ বৰ্তমান কানাডাৰ স্থায়ী বাসিন্দা।


ডাল্লাই কয়, ‘বল্লীৰ হত্যাকাণ্ডৰ দায়িত্ব মই লৈছো। এই মানুহজনে (বল্লী) মোৰ মাক এসপ্তাহ ধৰি আৰক্ষীৰ জিম্মাত ৰখাৰ দায়ী আছিল আৰু তেওঁ মোৰ বন্ধুসকলকো গ্ৰেপ্তাৰ কৰোৱাইছিল। তেওঁ আৰক্ষীৰ লগত সুসম্বন্ধ ৰাখিছিল… আৰু তেওঁ মোৰ ঘৰটোও ভাঙি পেলাইছিল। মোৰ জীৱনৰ উদ্দেশ্য কেৱল জীয়াই থকা নহয় বৰঞ্চ তেওঁক হত্যা কৰাহে’।


ইফালে হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে এজাহাৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা বুলি মোগাৰ এছ এছ পিয়ে জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.