দক্ষিণ কাশ্মীৰৰ অনন্তনাগত যোৱা বুধবাৰৰ পৰা অব্যাহত থকা এনকাউণ্টাৰৰ আজি অন্ত পৰে। মঙলবাৰে জিলাখনৰ কোকেৰনাগৰ গাদুলৰ ঘন জংঘল আৰু পাহাৰীয়া অঞ্চলত নিৰাপত্তাৰক্ষীয়ে দুজন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰাৰ পিছতে এই অভিযানৰ সামৰণি পৰে।
অৱশ্যে অনুসন্ধান অভিযান অব্যাহত থাকিব বুলি জানিব দিয়ে আৰক্ষীয়ে।
আজি নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হোৱা সন্ত্ৰাসবাদী দুজনৰ ভিতৰত আছে লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ উজাইৰ খান।
এডিজিপি কাশ্মীৰ বিজয় কুমাৰে কয় যে লস্কৰৰ কমাণ্ডাৰ উজাইৰ খানক হত্যা কৰা হৈছে। তেওঁৰ পৰা অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰা হৈছে। ইয়াৰ উপৰি আন এজন সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। অনন্তনাগ এনকাউণ্টাৰ অন্ত পৰিছে যদিও অনুসন্ধান অভিযান অব্যাহত থাকিব।
তেওঁ আৰু লগতে কয় যে ইয়াত দুজনৰ পৰা তিনিজন সন্ত্ৰাসবাদী লুকুৱাই থকাৰ তথ্য আছিল। সেয়ে অনুসন্ধান অভিযান চলাই থকা হৈছে।
এডিজিপিয়ে আৰু কয়, ‘এতিয়ালৈকে লস্কৰৰ কমাণ্ডাৰ উজাইৰ খানৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হৈছে আন এজন সন্ত্ৰাসবাদীৰ মৃতদেহ। বিশাল অঞ্চলটোত বিভিন্ন ধৰণৰ বিস্ফোৰক সামগ্ৰী থাকিব পাৰে যিবোৰ উদ্ধাৰ কৰি ধ্বংস কৰা হ’ব। আমি ৰাইজক এই অঞ্চললৈ নাযাবলৈ আহ্বান জনাইছো’।
উল্লেখ্য যে, উগ্ৰপন্থীৰে হোৱা সংঘৰ্ষত এজন সেনা কৰ্ণেল, এজন মেজৰ, জম্মু-কাশ্মীৰ আৰক্ষীৰ ডি এছ পি আৰু এজন জোৱান শ্বহীদ হৈছিল। ইয়াৰ পিছৰে পৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বিগত ৭ দিন ধৰি অঞ্চলটোত চলি আছিল অভিযান।