ISHAN NEWS – Always One Step Ahead of Time…

কানাডাক উচিত প্রত্যুত্তৰ ভাৰতৰ। হৰদীপ সিং নিজাৰ কোন আছিল ? ISHAN NEWS…

0 2,349

কানাডাই ভাৰতক এটা খালিস্তানী সন্ত্রাসবাদী হৰদীপ সিং নিজাৰক হত্যাৰ অভিযোগ উত্থাপন কৰি ভাৰতৰ এগৰাকী শীৰ্ষ কূটনীতিবিদক দেশ এৰি যাবলৈ নিৰ্দেশ দিয়াৰ পাছত কানাডাক উচিত প্রত্যুতৰ দিছে ভাৰতে । কানাডাৰ এগৰাকী কূটনতিবিদক ভাৰত এৰি যাবলৈ নিৰ্দেশ দিছে মোডী চৰকাৰে ।

বৈদেশিক মন্ত্রালয়ে এই সন্দৰ্ভত প্রকাশ কৰা বিবৃতিত উল্লেখ কৰিছে, আজি ভাৰতত থকা কানাডাৰ উচ্চায়ুক্তক মাতি অনা হয় । লগতে দিল্লীত থকা কানাডাৰ এগৰাকী জ্যেষ্ঠ কূটনীতিবিদক দেশ এৰি যাবলৈ নিৰ্দেশ দিয়া হয় । কানাডাৰ কূটনীতিবিদ গৰাকীয়ে ৫ দিনৰ ভিতৰত ভাৰত এৰিব লাগিব । ইয়াৰ উপৰিও ভাৰতে কানাডাৰ প্রধানমন্ত্রী জাষ্টিন টুডুৱে ভাৰতৰ বিৰুদ্ধে উত্থাপন কৰা সকলো অভিযোগ খাৰিজ কৰিছে । কানাডাত সংঘটিত হিংসাত্মক ঘটনাৰ সৈতে ভাৰত জড়িত থকাটো অযুক্তিকৰ । ভাৰত আইনৰ শাসনৰ প্রতি প্রতিশ্ৰুতিবদ্ধ এখন গণতান্ত্রিক দেশ।

হৰদীপ সিং নিজাৰ কোন আছিল?

নিষিদ্ধ বিচ্ছিন্নতাবাদী গোট শিখ ফৰ জাষ্টিছ (SFJ)ৰ সৈতে জড়িত আছিল হৰদীপ সিং নিজাৰ গুৰু পতৱন্ত সিং পান্নুৰ পাছত হৰদীপ সিং নিজাৰ এই গোটৰ দ্বিতীয়জন নেতা । চলিত বৰ্ষৰ ১৮ জুনত ব্ৰিটিছ কলম্বিয়াৰ গুৰুদ্বাৰৰ বাহিৰত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল নিজাৰক । জলন্ধৰৰ পৰা ১৯৯৬ চনত কানাডালৈ আহি পানী মিস্ত্রিৰ কামকৰা হৰদীপ সিং নিজাৰ জড়িত হৈ পৰে খালিস্তানী কামকাজৰ সৈতে ।

Leave A Reply

Your email address will not be published.