ভাৰতীয় ক্ৰিকেট দলৰ অনুভৱী বেগী বলাৰ মহম্মদ ছামীয়ে ১৯ ছেপ্টেম্বৰত পত্নী হাৰাশাস্তিৰ গোচৰত বৃহৎ সকাহ লাভ কৰিছে।
পাঁচ বছৰ পূৰ্বেই তৰা এটা গোচৰৰ বাবে ছামীক আলিপুৰ আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল। এই নিৰ্দেশ অনুসৰি, ছামীয়ে আদালতত হাজিৰ হৈ জামিন আৱেদন দাখিল কৰে।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক ৩খন মেচৰ এদিনীয়া শৃংখলা আৰু তাৰ পিছত হ’বলগীয়া এদিনীয়া বিশ্বকাপত টিম ইণ্ডিয়াৰ গুৰুত্বপূৰ্ণ সদস্য মহম্মদ ছামীৰ বাবে এইটো এটা ডাঙৰ সকাহ বুলি বিবেচিত হৈছে।
ছামীৰ লগতে আদালতে তেওঁৰ ভাতৃ মহম্মদ হাছিমৰ জামিন আবেদনতো অনুমোদন জনায়।
ইনছাইড স্প’ৰ্টছৰ প্ৰতিবেদন অনুসৰি ছামী আৰু তেওঁৰ ভাতৃয়ে অধিবক্তা চেলিম ৰেহমানৰ সৈতে আদালতত হাজিৰ হৈছিল।
মহম্মদ ছামীৰ অধিবক্তা চেলিম ৰেহমানে জামিন লাভ কৰাৰ পিছত কয় যে ছামী আৰু তেওঁৰ ভাতৃ হাছিম আদালতত হাজিৰ হৈ জামিনৰ বাবে আবেদন জনাইছিল। তেওঁৰ আবেদন আদালতে গ্ৰহণ কৰে।
উল্লেখ্য যে, শাৰিৰীক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ তুলি ছামীৰ পত্নী হাছিন জাহানে ২০১৮ চনৰ ৮ মাৰ্চত যাদৱপুৰ আৰক্ষী থানাত এফআইআৰ দাখিল কৰিছিল।