ISHAN NEWS – Always One Step Ahead of Time…

সম্পৰ্কত ফাঁট! এতিয়াৰ পৰা ভাৰতলৈ আহিব নোৱাৰিব কানাডাৰ নাগৰিক

0 9,357

ভাৰত আৰু কানাডাৰ মাজত চলি থকা উত্তেজনা আৰু কূটনৈতিক বিতৰ্কৰ মাজতে ভাৰতে লৈছে আন এক কঠোৰ পদক্ষেপ। এইবাৰ কানাডাত ভাৰতীয় ভিছা সেৱা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

BLS আন্তঃৰাষ্ট্ৰীয় ৱেবছাইটৰ জৰিয়তে এক জাননী প্ৰকাশ কৰি এই কথা জনায়। অৰ্থাৎ যিসকলে কানাডাৰ পৰা ভিছা লৈ ভাৰতলৈ আহিব বিচাৰে তেওঁলোকৰ বাবে ভিছা সেৱা স্থগিত ৰখা হৈছে।

জাননীখনত কোৱা হয় যে কাৰ্য্যকৰী কাৰণত ২১ ছেপ্টেম্বৰৰ পৰা পৰৱৰ্তী জাননী নিদিয়ালৈকে ভাৰতীয় ভিছা সেৱা বন্ধ কৰি দিয়া হৈছে। অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি BLS ৱেবছাইট পৰীক্ষা কৰি থাকিব। 

উল্লেখ্যে যে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰ হত্যাকাণ্ডত ভাৰত জড়িত থকাৰ অভিযোগ উত্থাপন কৰাৰ পিছৰে পৰা দুয়োখন দেশৰ মাজত সম্পৰ্কৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে।

কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্থাপন কৰা অভিযোগক ভাৰতে সম্পূৰ্ণৰূপে নাকচ কৰিছিল।
উল্লেখ্য যে, খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰ হত্যাকাণ্ডত ভাৰত চৰকাৰৰ সংস্থা জড়িত থকা বুলি কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে অভিযোগ তুলি এজন ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰিছিল।

কানাডাৰ এই হঠকাৰী সিদ্ধান্তক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তীব্ৰ সমালোচনা কৰাৰ লগতে ভাৰতত থকা কানাডাৰ ৰাষ্ট্ৰদূতকো পাঁচ দিনৰ ভিতৰত ভাৰত এৰি যাবলৈ নিৰ্দেশ দিয়ে।
এই ঘটনাক লৈয়ে দুয়োখন দেশৰ মাজৰ কূটনৈতিক সম্পৰ্ক অধিক অৱনতি ঘটিবলৈ আৰম্ভ হয়।

Leave A Reply

Your email address will not be published.