ISHAN NEWS – Always One Step Ahead of Time…

বিজেপিৰ ৰাষ্ট্ৰীয় উপসভাপতি জয় পাণ্ডাক হত্যাৰ ভাবুকি । ISHAN NEWS…

0 170

বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি জয় পাণ্ডালৈ ফোনযোগে আহিছে মৃত্যুৰ ভাবুকি । দিল্লী আৰক্ষীৰ ওচৰত ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰিছে জয় পাণ্ডাই ।
দলীয় সূত্ৰৰ পৰা জানিব পৰা মতে , জয় পাণ্ডাৰ সহায়কলৈ আহিছিল সেই বিশেষ ফোন কলটো । ফোনযোগে অচিনাক্ত দুৰ্বৃত্তই জয় পাণ্ডাক মৃত্যুৰ ভাবুকি দিছিল । উৰিষ্যাৰ স্বাস্থ্যমন্ত্রী নব দাসক হত্যা কৰাৰ দৰে দুৰ্বৃত্তই জয় পাণ্ডাকো হত্যা কৰাৰ ভাবুকি দিয়ে ।


ফোনকলটো পোৱাৰ পাছতেই জয় পাণ্ডাই সমগ্ৰ বিষয়টো আৰক্ষীক অৱগত কৰে। দিল্লী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত । জয় পাণ্ডাক হত্যাৰ ভাবুকি দিয়া ফোন কলটো ক’ৰ পৰা আহিছিল সেইটো চিনাক্ত কৰিবলৈ চেষ্টা কৰি আছে আৰক্ষীয়ে। অৱশ্যে হত্যাৰ ভাবুকি দিয়া ব্যক্তিজনৰ কোনো তথ্য এতিয়াও লাভ কা নাই আৰক্ষীয়ে ।

উল্লেখযোগ্য যে উৰিষ্যাৰ স্বাস্থ্য মন্ত্ৰী নৱ দাসক গাড়ীৰ পৰা নামি অহাৰ সময়ত মন্ত্রী গৰাকীক লক্ষ্য কৰি গুলীচালনা কৰিছিল এগৰাকী সহকাৰী উপপৰিদৰ্শকে ।

Leave A Reply

Your email address will not be published.