২৪ ছেপ্তেম্বৰত কামৰূপ-মেট্ৰ’ত বন্ধ থাকিব সুৰাৰ বিক্ৰী; ‘ড্ৰাই ডে’ ঘোষণা প্ৰশাসনৰ
ৰাজ্যৰ আবকাৰী বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ২৪ ছেপ্তেম্বৰ অৰ্থাত দেওবাৰে গুৱাহাটী চহৰকে ধৰি কামৰূপ-মেট্ৰ’ জিলাত ড্ৰাই ডে ঘোষণা কৰা হৈছে।
কামৰূপ মেট্ৰ’ জিলা প্ৰশাসনে এক নিৰ্দেশনাৰ জৰিয়তে জিলাখনত দেওবাৰে কোনো ধৰণৰ সুৰা বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে ২৪ ছেপ্তেম্বৰৰ দিনটো ড্ৰাই ডে হিচাপে পালন কৰা হ’ব।
কামৰূপ মেট্ৰ’ জিলা আয়ুক্তৰ কাৰ্যালয়ে জনোৱা মতে, অসম আবকাৰী বিধি, ২০১৬ৰ নিয়ম-৩২৬ (খ)ৰ অধীনত ২৪ ছেপ্তেম্বৰৰ দিনটোক ড্ৰাই ডে হিচাপে গণ্য কৰা হ’ব।
‘কামৰূপ মেট্ৰ’ জিলাৰ ক্লাব অন আৰু কান্ত্ৰী স্পিৰিট দোকানকে ধৰি সকলো পাইকাৰী/বণ্ডেড ৱেৰহাউচ, কম্পোজিট লাইচেন্স/মাইক্ৰ’ব্ৰুৱেৰী লাইচেন্স, আই এম এফ এল/বিয়েৰ ৰিটেইলছ সকলো অফ এণ্ড অন দোকান বন্ধ থাকিব’, নিৰ্দেশনাটোত এইদৰে উল্লেখ আছে।
উল্লেখ্য যে, এই আদেশ উলংঘা কৰিলে অসম আবকাৰী আইন আৰু নিয়মৰ প্ৰাসংগিক বিধান অনুসৰি শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ’ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে।