ISHAN NEWS – Always One Step Ahead of Time…

চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্রম আৰু ৰোভাৰ প্রজ্ঞান সন্দৰ্ভত ইছৰোৰ পৰা আহিল ডাঙৰ খবৰ । ISHAN NEWS…

0 21,266

চন্দ্ৰযান-৩ক লৈ ডাঙৰ খবৰ ইছৰোৰ । লেণ্ডাৰ বিক্রম আৰু ৰ’ভাৰ প্রজ্ঞানৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা চলাই আছে ইছৰোৱে । কিন্তু পঠিওৱা সংকেতৰ কোনোধৰণৰ সহাৰি লাভ কৰা নাই লেণ্ডাৰ বিক্রম আৰু ৰ’ভাৰ প্রজ্ঞানৰ পৰা । টুইটযোগে এই কথা সদৰী কৰিলে ইছৰোৱে।


উল্লেখযোগ্য যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) চন্দ্ৰযান-৩ৰ জৰিয়তে যথেষ্ট সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । ২৯ আগষ্টত, ইছৰোৱে চন্দ্ৰযান-৩ ৰ জড়িয়তে লাভ কৰিছিল অতিকৈ গুৰুত্বপূৰ্ণ তথ্য । ইছৰোৰ তথ্য মতে, ৰভাৰ প্ৰজ্ঞানত নিয়োজিত এটা পেলোডে চন্দ্ৰৰ দক্ষিণ মেৰুত ছালফাৰ আৰু অক্সিজেনৰ উপস্থিতিও নিশ্চিত কৰিছে। লগতে হাইড্ৰজেনৰ সন্ধানো অব্যাহত ৰাখিছে ।

ইছৰোৱে প্রদান কৰা তথ্য মতে, চন্দ্ৰপৃষ্ঠত বহুতো উপাদানৰ উপস্থিতি ধৰা পৰে । জোনবাইৰ দক্ষিণ মেৰুত সফল ভাবে চন্দ্ৰযান ৩ ৰ ‘মৃদু অৱতৰণ’ কৰা ভাৰত বিশ্বৰ প্ৰথম খন দেশ আৰু জোনবাইত মহাকাশযান অৱতৰণ কৰোৱা বিশ্বৰ চতুৰ্থ খন দেশ হিচাপে পৰিগণিত হয়।

Leave A Reply

Your email address will not be published.