দুগৰাকী বিবাহিত পুৰুষ আৰু মহিলা একেলগে থাকিবলৈ বিচাৰিলে থাকিব পাৰে। এনেদৰে থকাৰ পাছত মহিলা গৰাকীয়ে পুৰুষ সঙ্গী গৰাকীৰ বিৰুদ্ধে বিবাহৰ প্ৰতিশ্ৰুতিৰে শাৰীৰিক সম্পৰ্ক স্থাপনৰ অভিযোগ আনিব নোৱাৰিব। এটা গোচৰৰ পৰিপ্ৰেক্ষিতত এই কথা উল্লেখ কৰে দিল্লী উচ্চ ন্যায়ালয়ে।
দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ স্বৰ্ণ কান্ত শৰ্মাৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে কয় যে, দুগৰাকী প্ৰাপ্তবয়স্ক বিবাহিত পুৰুষ আৰু মহিলা যি স্বামী – স্ত্রী নহয় তেওঁলোকে ইচ্ছা কৰিলেএকেলগে থাকিব পাৰে। কিন্তু এনে ব্যৱস্থাক কেতিয়াবা সমাজে গ্ৰহণ নকৰে। কিন্তু আইনৰ দৃষ্টিত, এইটো ভুল নহয়।
গোচৰৰ শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ গৰাকীয়ে কয় যে , কেতিয়াবা সমাজৰ দৃষ্টিত যিটো নিন্দনীয় বা ভুল কিন্তু আইনৰ দৃষ্টিত সেইটো ভুল নহয়।
যদি দুগৰাকী বিবাহিত পুৰুষ আৰু মহিলা একেলগে থাকিবলৈ সিদ্ধান্ত লয়, তেতিয়া তেওঁলোক সামাজিক নিন্দাৰ সন্মুখীন হ’ব পাৰে। কিন্তু এনেবোৰ বিষয়ৰ লগত আইনৰ কোনো সম্পৰ্ক নাই।
দিল্লী উচ্চ ন্যায়ালয়ে এটা গোচৰৰ শুনানিৰ সময়ত কয় যে, বিবাহিত পুৰুষ আৰু মহিলা দুগৰাকী তেওঁলোকৰ সন্মতি সাপেক্ষে একেলগে আছিল। পাছত সেইগৰাকী মহিলাই বিবাহৰ প্ৰতিশ্ৰুতিত ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল। কিন্তু এগৰাকী মহিলা সন্মতি সাপেক্ষে এগৰাকী পুৰুষৰ সৈতে একেলগে থকাৰ পাছত এনেধৰণৰ অভিযোগ উৎথাপন কৰিব নোৱাৰিব।
উল্লেখযোগ্য যে, এগৰাকী যুৱকে তেওঁৰ বিৰুদ্ধে অনা এনে এক অভিযোগেৰে অনা এজাহাৰ বাতিল কৰিবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল।
আবেদনকাৰীয়ে আদালতক কৈছিল যে তেওঁ নিজেই বিবাহিত আছিল। একেলগে বাস কৰা তেওঁৰ সঙ্গীও বিবাহিত আছিল। অৱশ্যে, মহিলাগৰাকীয়ে তেওঁৰ সঙ্গীৰ বিৰুদ্ধে আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল যে বিবাহৰ প্ৰতিশ্ৰুতিত তেওঁক ধৰ্ষণ কৰা হৈছিল।
আনহাতে, আদালতত দাখিল কৰা আৱেদনখনত আবেদনকাৰীয়ে পুনৰ সংগীগৰাকীৰ বিৰুদ্ধে কিছুমান “অশালীন” শব্দ ব্যৱহাৰ কৰাৰ কথা আদালতে সদৰী কৰে ।
পৰৱৰ্তী সময়ত আদালতে যুৱকজনৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ বাতিল কৰাৰ নিৰ্দেশ দিয়াৰ লগতে আবেদনত ব্যৱহৃত কেইবাটাও শব্দক ল অসন্তুষ্টি ব্যক্ত কৰে।