৪ মাহৰ মূৰত হিংসাজৰ্জৰ মণিপুৰত আজিৰ পৰা মুকলি ইণ্টাৰনেট সেৱা
কেইবামাহো ধৰি গোষ্ঠীগত হিংসাৰ জুইত জ্বলি থকা উত্তৰ-পূবৰ ৰাজ্য মণিপুৰৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিত তাত জাৰি কৰা চৰকাৰী নিষেধাজ্ঞাও যথেষ্ট পৰিমানে শিথিল কৰা হৈছে।
সেই অনুসৰি, অৱশেষত মণিপুৰত মুকলি হ’ল ইণ্টাৰনেট সেৱা। মেইটেই আৰু কুকিসকলৰ মাজত ৩ মে’ৰ পৰা আৰম্ভ হোৱা সংঘৰ্ষৰ পাছতে ৰাজ্যখনত কৰ্তন কৰা হৈছিল ইণ্টাৰনেট সেৱা। সুদীৰ্ঘ দিনৰ অন্তত অৱশেষত আজিৰ পৰা মণিপুৰবাসীয়ে পালে ইণ্টাৰনেটৰ সংযোগ।
শনিবাৰে এক সংবাদমেল সম্বোধন কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই কথা ঘোষণা কৰিছে।
উল্লেখ্য যে কুকি আৰু মেইটেই সকলৰ মাজত আৰম্ভ হোৱা হিংসাই ৰাজ্যখনত পৰিৱেশ অস্থিৰ কৰি তোলাৰ পিছতেই এই সংঘাত নিৰাময় কৰাৰ বাবে ৰাজ্যখনত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছিল।
কিন্তু ইয়াৰ পিছতো ৰাজ্য জ্বলি আছিল হিংসাত। এই সময়ছোৱাত মহিলাক উলংগ কৰি পেৰেড কৰা ঘটনাই সমগ্ৰ দেশক স্তম্ভিত কৰি তোলাৰ লগতে বিভিন্ন লোকৰ ঘৰ, চৰকাৰী বাহন, কাৰ্যালয় জ্বলাই দিয়াৰ লগতে থানাসমূহতো লুট-পাত অব্যাহত আছিল।
দুয়োটা জনগোষ্ঠীৰ মাজৰ এই হিংসাত বহু লোক নিহত হোৱাৰ লগতে শ-শ লোক আহত হয়। এই হিংসাত্মক ঘটনাত গৃহহীন হৈ পৰিছিল হাজাৰ-হাজাৰ পৰিয়াল।
ইফালে ইণ্টাৰনেট সেৱা পুনৰ মুকলি কৰি দিয়াৰ পিছত বিগত চাৰিমাহত হোৱা হিংসাত্মক ঘটনাৰ বহু অজান তথ্য পোহৰলৈ অহাৰ আশংকা প্ৰকাশ কৰা হৈছে।