ISHAN NEWS – Always One Step Ahead of Time…

মৰণোত্তৰভাৱে অংগদান কৰা লোকৰ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব অন্ত্যেষ্টিক্ৰিয়া : তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ ঘোষণা

0 200

মৃত্যুৰ পূৰ্বে অংগ দান কৰা ব্যক্তিৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে শনিবাৰে এই ডাঙৰ ঘোষণা কৰে।

অংগ দান কৰা লোকসকলৰ ত্যাগক সন্মান জনোৱাৰ উদ্দেশ্যে তথা দানৰ জৰিয়তে বহুতৰে জীৱন ৰক্ষা কৰাৰ বাবে এই বৃহত সিদ্ধান্ত গ্ৰহণ কৰে তামিলনাডু চৰকাৰে।

পূৰ্বৰ টুইটাৰ তথা এতিয়াৰ এক্সত এটা প’ষ্ট কৰি ষ্টেলিনে কয়, ‘অংগদানৰ জৰিয়তে শ-শ ৰোগীক জীৱন দিয়াৰ ক্ষেত্ৰত দেশৰ আগশাৰীৰ ৰাজ্য হৈয়েই আছে তামিলনাডু।‘

‘কৰুণ পৰিস্থিতিত নিজৰ অংগ দানৰ বাবে আগবাঢ়ি অহা পৰিয়ালসমূহৰ নিস্বাৰ্থ ত্যাগৰ বাবেই এই সাফল্য সম্ভৱ হৈছে’, এইদৰে কয় ষ্টেলিনে।

তদুপৰি মুখ্যমন্ত্ৰীয়ে কয় যে মৃত্যুৰ পূৰ্বে অংগ দান কৰা ব্যক্তিৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব।

ষ্টেলিনে কয়, ‘যিসকলে নিজৰ অংগ দান কৰি বহুতৰে প্ৰাণ ৰক্ষা কৰিলে তেওঁলোকৰ বলিদানক সন্মান জনোৱাৰ স্বাৰ্থত অংগদানকাৰীৰ অন্ত্যেষ্টিক্ৰিয়া এতিয়াৰে পৰা ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব!’

উল্লেখ্য যে, ২০০৮ চনৰ ২৩ ছেপ্টেম্বৰত ডাঃ পুষ্পাঞ্জলি আৰু ডাঃ অশোকন নামৰ চিকিৎসক দম্পতিয়ে চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ব্ৰেইন ডেড বুলি ঘোষণা কৰা তেওঁলোকৰ কিশোৰ পুত্ৰ হিতেন্দ্ৰনৰ অংগ দান কৰিছিল।

ৰাজ্যখনত ইয়াৰ পিছত হোৱা বহু অংগ দানৰ ভিতৰত এইটো প্ৰথম বুলি গণ্য কৰা হয়।

Leave A Reply

Your email address will not be published.