ISHAN NEWS – Always One Step Ahead of Time…

অৰুণাচল সদায় ভাৰতৰ অবিচ্ছেদ্য অংগ হৈ থাকিব, চীনে একো কৰিব নোৱাৰে : কিৰেন ৰিজিজু

0 208

চীনৰ হাংঝো প্ৰদেশত অনুষ্ঠিত হৈ থকা এছিয়ান গেমছত ভাৰতৰ একাংশ খেলুৱৈক প্ৰৱেশৰ অনুমতি দিয়া নাই চীনে। এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰত চৰকাৰে।

চীনৰ এই পদক্ষেপৰ বিৰোধিতা কৰি কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে চীন ভ্ৰমণ বাতিল কৰাৰ মাজতে প্ৰাক্তন ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱেও তীব্ৰ ক্ষোভ অসন্তুষ্টি প্ৰকাশ কৰিছে।

চীনৰ এনে আচৰণৰ বাবে সমগ্ৰ দেশ ক্ষোভিত হৈ আছে  বুলি মন্তব্য কৰি ৰিজিজুৱে কয় যে অৰুণাচলৰ খেলুৱৈক চীনত প্ৰৱেশ কৰিবলৈ নিদিয়াটোৱে অৰুণাচলৰ পৰিস্থিতিত কোনো পাৰ্থক্য নপৰে। ই সদায় ভাৰতৰ অবিচ্ছেদ্য অংগ হৈ থাকিব।

এই বিষয়ত কঠোৰ ব্যৱস্থা ল’বলৈ তেওঁ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীকো আবেদন জনাইছে বুলি জানিব দিয়ে।

কিৰেন ৰিজিজুৱে কয়, ‘চীনে অৰুণাচলৰ জনসাধাৰণৰ বাবে সমস্যাৰ সৃষ্টি কৰি আহিছে। ভিছা প্ৰদান নকৰে। ইয়াৰ পূৰ্বেও এনেকুৱা কৰি আহিছে। ২০০৮ চনত সংসদৰ সদস্য হৈ থাকোঁতে তেওঁলোকে মোক এছিয়ান গেমছৰ বাবে সহজেই ভিছা দিছিল’।

তেওঁ লগতে কয়, ‘আমাৰ খেলুৱৈসকলে এছিয়ান গেমছত প্ৰদৰ্শনৰ সুযোগ হেৰুৱাবলগীয়া হোৱাটোও দুখৰ বিষয়। চীনে অৰুণাচলক ভাৰতৰ অংগ বুলি গণ্য নকৰে, অৰুণাচলৰ জনসাধাৰণে অৰুণাচলক চীনৰ লগত কোনো ধৰণে সংযোগ নকৰে, ইতিহাসতো নহয় ভৱিষ্যতেও। অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ। এই পৰিস্থিতি কোনো ধৰণে সলনি কৰিব নোৱাৰে। সেয়ে বাৰে বাৰে আমাৰ অৰুণাচলক ভাৰতৰ অংগ বুলি গণ্য নকৰা বা ইয়াৰ জনসাধাৰণক এনে ভিছা দিবলৈ অস্বীকাৰ কৰাটো সঠিক পথ নহয়’।

কিৰেন ৰিজিজুৱে লগতে এছিয়ান গেমছত অংশ ল’ব নোৱাৰা মহিলা খেলুৱৈ তিনিগৰাকীৰ ভৱিষ্যত সুনিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব বুলিও কয়।

Leave A Reply

Your email address will not be published.