দুগুণ বৃদ্ধি ভাৰতীয় বায়ুসেনাৰ শক্তি; লাভ কৰিলে প্ৰথমখন চি-২৯৫ বিমান
দুগুণ পৰিমানে বৃদ্ধি পালে ভাৰতীয় বায়ুসেনাৰ শক্তি। সোমবাৰে আনুষ্ঠানিকভাৱে প্ৰথমখন চি-২৯৫ ট্ৰান্সপোৰ্ট বিমান অন্তৰ্ভুক্ত হ’ল ভাৰতীয় বায়ুসেনাত। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গাজিয়াবাদৰ হিণ্ডন বিমান ঘাটিত এক অনুষ্ঠানত এই বিমানখন বায়ুসেনাক গতাই দিয়ে।
ইয়াৰ সমান্তৰালকৈ কালিৰ দিনটোতে ৰাজনাথ সিঙে ভাৰত ড্ৰোন শক্তি ২০২৩ৰো উদ্বোধন কৰে। এই কাৰ্যসূচীৰ অধীনত দুদিনলৈ থলুৱা ড্ৰোনে নিজৰ কাৰু কাৰ্য প্ৰদৰ্শন কৰিব।
চি-২৯৫ বিমানৰ শক্তি
চি-২৯৫ বিমান অন্তৰ্ভুক্তিৰ লগে লগে ভাৰতীয় বায়ুসেনাৰ শক্তি বহু পৰিমাণে বৃদ্ধি পালে। চি-২৯৫ বিমানৰ গতিবেগ প্ৰতি ঘণ্টাত ৪৮২ কিলোমিটাৰ। এই বিমানখন ১৩ হাজাৰ ফুট উচ্চতাত উৰিবলৈ সক্ষম।
উল্লেখ্য যে ২১ হাজাৰ ৯৩৫ কোটি টকাত ভাৰতে লাভ কৰিছে ৫৬খন চি-২৯৫ বিমান।
চি-২৯৫ ৰ বিশেষত্ব কি?
চি-২৯৫ বিমানখনে ৭,০৫০ কিলোগ্ৰাম পেলোড তুলিব পাৰে। চি-২৯৫ বিমানখনত ৭১ জন জোৱান, ৪৪ জন পেৰাট্ৰুপাৰ আৰু ২৪ খন ষ্ট্ৰেচাৰ কঢ়িয়াবলৈ সক্ষম।
কেৱল এয়াই নহয়, চি-২৯৫ বিমানে ১১ ঘণ্টা ধৰি অবিৰতভাৱে উৰি থাকিব পাৰে। চি-২৯৫ৰ সকলো বিমানতে থলুৱা ইলেক্ট্ৰনিক ৱাৰফেয়াৰ ছুইট আছে।