ISHAN NEWS – Always One Step Ahead of Time…

মিছা প্ৰতিশ্ৰুতিৰ অভিযোগ! আনন্দ মহিন্দ্ৰাৰ বিৰুদ্ধে গোচৰ ৰুজু….

0 1,783

উত্তৰ প্ৰদেশৰ কানপুৰত উদ্যোগপতি আনন্দ মহিন্দ্ৰা আৰু মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডৰ ১২ জন কৰ্মচাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। কানপুৰ আদালতৰ নিৰ্দেশৰ পিছতে গোচৰ ৰুজু কৰা হয়।

শনিবাৰে ৰুজু হোৱা গোচৰটোৰ অভিযোগকাৰী ৰাজেশ মিশ্ৰাই দাবী কৰে যে তেওঁ মহিন্দ্ৰা কোম্পানীৰ পৰা এখন স্ক’ৰপিঅ’ গাড়ী ক্ৰয় কৰিছিল আৰু গাড়ীখনত এয়াৰবেগ নথকাৰ বাবে তেওঁৰ পুত্ৰই এক দুৰ্ঘটনাত মৃত্যুক সাৱটি লৈছিল।

জানিব পৰা মতে, মিশ্ৰই ২০২০ চনত পুত্ৰ অপূৰ্বৰ বাবে ১৭.৩৯ লাখ টকাত এখন ক’লা স্কৰপিঅ’ গাড়ী ক্ৰয় কৰিছিল।

কিন্তু দুখৰ বিষয় যে ২০২২ চনৰ ১৪ জানুৱাৰিত বন্ধুৰ সৈতে লক্ষ্ণৌৰ পৰা কানপুৰলৈ উভতি আহি থাকোতে অপূৰ্বৰ গাড়ীখন দুৰ্ঘটনাত পতিত হয় আৰু ঘটনাস্থলতে তেওঁৰ মৃত্যু হয়।

দুৰ্ঘটনাৰ পিছত আৰক্ষীয়ে চলোৱা অনুসন্ধানত স্পষ্ট হৈছিল যে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত অপূৰ্ব আৰু তেওঁৰ বন্ধু সকলে ছীট বেল্ট পৰিধান কৰি আছিল।

ইয়াৰ পাছতে উত্তৰ প্ৰদেশৰ বাসিন্দা ৰাজেশ মিশ্ৰাই অভিযোগ কৰে যে তেওঁৰ পুত্ৰৰ মহিন্দ্ৰা স্কৰপিঅ’ত এয়াৰবেগ নাছিল। যাৰ বাবে তেওঁৰ পুত্ৰৰ দুৰ্ঘটনাত মৃত্যু হয়।

এই গুৰুতৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিছিল তেওঁ। তাৰ পাছতে শনিবাৰে কানপুৰ আদালতে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়ে।

Leave A Reply

Your email address will not be published.