ISHAN NEWS – Always One Step Ahead of Time…

গণপতিৰ মূৰ্তি বিসৰ্জন দিবলৈ গৈ চাৰিজনৰ কৰুণ মৃত্যু, তিনিজনৰ অৱস্থা সংকটজনক

0 1,204

মধ্যপ্ৰদেশৰ দতিয়া জিলাত সংঘটিত হৈছে এক কৰুণ ঘটনা। গণেশৰ মূৰ্তি বিসৰ্জন দিয়াৰ সময়ত এটা পুখুৰীত ডুবি চাৰি নাবালকৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিজনত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বুধবাৰে আৰক্ষীয়ে এই ঘটনাৰ কথা জানিব দি উদ্ধাৰ কৰা তিনিগৰাকীৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক বুলি উল্লেখ কৰে।


এগৰাকী জ্যেষ্ঠ বিষয়াই জনাই যে নিৰাৱল বিদানিয়া গাঁৱত চলা ১০ দিনীয়া গণেশ উৎসৱৰ সময়ত মঙলবাৰে সন্ধিয়া এই কৰুণ ঘটনাটো সংঘটিত হয়।

একাংশ শিশু মূৰ্তি বিসৰ্জনৰ বাবে পুখুৰীত উপস্থিত হৈছিল আৰু সেই সময়তে ইয়াৰে সাতজন শিশু ডুব গৈছিল।
ঘটনা সন্দৰ্ভত লগে লগে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়। চাৰিজনক মৃত অৱস্থাত উদ্ধাৰ কৰাৰ বিপৰীতে তিনিজনক জীৱন্তে উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে।

স্থানীয় আৰক্ষী অধীক্ষক প্ৰদীপ শৰ্মাই জনোৱা অনুসৰি, মৃত চাৰি নাবালকৰ ভিতৰত আছে তিনিগৰাকী কিশোৰী। তেওঁলোকৰ বয়স ১৪ৰ পৰা ১৬ বছৰৰ ভিতৰত।

উদ্ধাৰ হোৱা তিনি নাবালকৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক বুলি উল্লেখ কৰি শৰ্মাই কয় যে তেওঁলোকক গোৱালিয়ৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

Leave A Reply

Your email address will not be published.