ISHAN NEWS – Always One Step Ahead of Time…

AFSPA আইনৰ অধীনত ছমাহৰ বাবে মণিপুৰক অশান্ত অঞ্চল হিচাপে ঘোষণা

0 203

সাম্প্ৰতিক আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মণিপুৰ চৰকাৰে ২৭ ছেপ্টেম্বৰ বুধবাৰে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ অধীনত ছমাহৰ বাবে সমগ্ৰ ৰাজ্যখনক ‘অশান্ত এলেকা’ হিচাপে ঘোষণা কৰে। অৱশ্যে ৰাজ্যখনৰ ১৯খন থানাৰ অন্তৰ্গত অঞ্চলক এই আইনৰ পৰিসৰৰ পৰা বাহিৰত ৰখা হৈছে।

বুধবাৰে জাৰি কৰা এক অধিসূচনাত কোৱা হৈছে, ’১৯ খন থানা এলেকাৰ ভিতৰত থকা অঞ্চলসমূহক বাদ দি সমগ্ৰ মণিপুৰ ৰাজ্যখনক ছমাহৰ বাবে অশান্ত অঞ্চল হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱত মণিপুৰৰ ৰাজ্যপালে অনুমোদন জনাইছে।‘

চলিত বৰ্ষৰ ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব এই ব্যৱস্থা। আফস্পা কাৰ্যকৰী নোহোৱা আৰক্ষী থানাৰ এলেকাসমূহৰ ভিতৰত আছে ইম্ফল, লামফেল, চিটি, চিংজামেই, ছেকমাই, লামছাং, পাষ্টোল, ৱাংগোই, পোৰোমপাট, হাংগাং, লামলাই, ইৰিবুং, লিমাখং, থৌবাল, বিষ্ণুপুৰ, নামবোল, মইৰাং, কাকচিন আৰু জিৰাবাম আদি অঞ্চল।

ইফালে ৰাজ্য চৰকাৰে অধিসূচনাত কয় যে বিভিন্ন উগ্ৰপন্থী/বিদ্ৰোহী গোটৰ হিংসাত্মক কাৰ্যকলাপৰ বাবে সমগ্ৰ ৰাজ্যত পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে আৰু অসামৰিক প্ৰশাসনক সহায় কৰিবলৈ সশস্ত্ৰ বাহিনীৰ প্ৰয়োজন হৈছে।

উল্লেখ্য যে, ৰাজ্যখনত বিগত পাঁচমাহৰ মূৰত যোৱা দেওবাৰৰ পৰা পুনৰ মুকলি কৰা হৈছিল ইণ্টাৰনেট সেৱা। আৰু ইয়াৰ পিছতেই ভাইৰেল হৈ পৰিছিল মেইটেই সম্প্ৰদায়ৰ দুজন ছাত্ৰৰ মৃতদেহৰ ফটো।

এই ফটো পোহৰলৈ অহাৰ পিছতেই ২৬ ছেপ্তেম্বৰ অৰ্থাত মঙলবাৰে হাজাৰ-হাজাৰ জনতা ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰতিবাদৰ সময়ত নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা হতাহতিত প্ৰায় ৪৫গৰাকী লোক আহত হয়।

এই ঘটনাক লৈ ৰাজ্যখনৰ শান্তি-শৃংখলাত যাতে ব্যাঘাত নজন্মে তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে অহা ছমাহলৈ আফস্পাৰ অধীনত ৰাজ্যখনক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰে।

Leave A Reply

Your email address will not be published.